ইণ্ডিয়ান অইলৰ উজ্জল চাৰ্ভিছ চেণ্টাৰৰ পেট্ৰল ডিপোৰ বিৰুদ্ধে অভিযোগ এজন যুৱকৰ…

ইণ্ডিয়ান অইলৰ উজ্জল চাৰ্ভিছ চেণ্টাৰৰ পেট্ৰল ডিপোৰ বিৰুদ্ধে অভিযোগ এজন যুৱকৰ…

নগাঁৱৰ মাজৰআতিৰ উজ্জল চাৰ্ভিছ চেণ্টাৰৰ পেট্ৰল ডিপোত পেট্ৰল ভৰুৱাৰ পাছৰে পৰাই গাড়ী বিকল হৈ পৰাৰ অভিযোগ কৰিছে ৰূপম শইকীয়া নামৰ যুৱক জনে।

ৰূপম শইকীয়াই নিজৰ ক্ৰিয়া গাড়ী খন লৈ ওলাই যোৱাৰ পাছত হঠাৎ বন্ধ হৈ পৰে গাড়ী খন।

অৱশেষত ৰূপম শইকীয়াই ক্ৰিয়া ডীলাৰলৈ লৈ যায়।

ডীলাৰৰ লোকে গাড়ী খন পৰীক্ষা কৰি পেট্ৰলৰ বাবেই গাড়ী খন বিকল হোৱা বুলি কয়।

ৰূপম শইকীয়াই নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছে যে এনে পেট্ৰল ডিপোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

আনহাতে উজ্জল চাৰ্ভিছিং চেণ্টাৰটোত কৰ্মৰত কৰ্মচাৰীয়ে পেট্ৰলৰ পৰা গাড়ী খন বিকল হোৱাৰ কথাটো নৎসাত কৰে।

তেওঁৰ মতে গাড়ী খনৰ ফিল্টাৰটো বেয়া হোৱাৰ বাবে গাড়ী খন বিকল হৈ পৰিছিল বুলি কয় কৰ্মচাৰী গৰাকীয়ে।

GTM Desk

Related