23 C
Assam
Saturday, March 25, 2023

Featured News

Nalbari || ৭ নং পূৱ বাহঁজানীৰ জাপি শিল্প তিলানা গাঁওৰ পথৰ দুৰৱস্থাৰ ভংয়কৰ দৃশ্য

Top NewsNalbari || ৭ নং পূৱ বাহঁজানীৰ জাপি শিল্প তিলানা গাঁওৰ পথৰ দুৰৱস্থাৰ ভংয়কৰ দৃশ্য

ৰাজ্যত এতিয়া গ্ৰাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে এয়াই যে সত্য । নলবাৰী জিলাৰ পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ নং পূৱ বাহঁজানীৰ
হাজো — নলবাৰী মুল পথৰ পৰা বালা — মুগকুছি নামঘৰ হৈ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চয়তৰ প্ৰাক্তন সভাপতিদ্বয় ভৰত বৈশ্য আৰু নলিনী কান্ত শীলৰ ঘৰৰ সন্মুখৰে কুটীৰ শিল্প গাওঁ তিলানা সংযোগী পথটোৰ ভয়ংকৰ অৱস্থা দেখি মুৰে কপালে হাত দিছে গাওঁখনৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে ।

বিগত দুদিনমান ৰ বৰষুনৰ বাবেই পথটোৰ ৯৯% পথ বোকাময় হোৱা বাবে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে ৷ বিগত সময়ত দুজনকৈ পঞ্চায়তৰ সভাপতিৰ ঘৰৰ সন্মুখৰ পথটো নিৰ্মান নোহোৱাত ৰাইজ খৰ্গহস্ত হোৱা দেখা হৈছে ৷ পথটো নিৰ্মান নকৰাৰ ফলত বেমাৰ হ’লে চাইকেল নাইবা সাঙি কৰি নিব লাগে ৰুগীক চিকিৎসালয়লৈ। পথটোৰ দুৰৱস্থাৰ বাবে পথটোৰে বিপদ সংকুলভাৱে চাইকেল আৰু বাইক চলাই যাতায়াত কৰিব লগা হৈছে পথচাৰীয়ে।স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিগত ৩০ বছৰৰ অধিক সময় ধৰি নিৰ্মান হোৱা নাই পথ চোৱা ৷ তাৰ ফলস্বৰূপে সম্প্ৰতি ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিব লগা হৈছে। কিন্তু এই পৰ্যন্ত লৈ বিভাগীয় কতৃপক্ষই পথটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। এতিয়া যে মুখ্যমন্ত্ৰীৰ ধমককো কেৰেপ নকৰে জনপ্ৰতিনিধি তথা পঞ্চায়ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এয়াই প্ৰমাণ কৰিছে। এয়াই হৈছে ৰাজ্যচৰকাৰ খনৰ উন্নয়ন শ্ল’গানৰ প্ৰকৃত ছবি ৷ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ ৭ নং পূৱ বাহঁজানী গাঁও পঞ্চায়ত অধীনৰ তিলানা জাপি শিল্প গাঁও খনৰ এই পথৰ বাবে যমৰ যাতনা ভোগ কৰি অহা নতুন সমস্যা নহয় ৷ এই পথটো মাৰামতিৰ অভাৱত এজাক বৰষুণত বোকা-পানীৰে গাড়ী মটৰ চলোৱাটো দূৰৰ কথা খোজকাঢ়িবলৈ অৱস্থা নোহোৱা হয় ।

প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ বাবে এতিয়া খোজকাঢ়িব নোৱাৰা হৈছে ৰাইজে। এজাক বৰষুণতে পথটোৰ অৱস্থা অতি শোচনীয় হোৱাৰ ফলত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় ব্যৱসায়ী-চাকৰিয়াল আদিয়ে হাৰাশাস্তি ভোগ কৰি আহিছে স্থানীয়ই ৷ শিক্ষ্ৰেই পথটো পকীকৰন কৰাৰ বাবে স্থানীয় ৰাইজে বিধায়ক গৰাকীৰ লগতে সংশ্লিষ্ট বিভাগক অনুৰোধ জনাইছে ৷

NewsDesk Report-GTM

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!