নাজিৰা নগৰৰ মাজমজিয়াৰ অনুপ শৰ্মা মালিকানাধীন চাহ হোটেলৰ মিঠাই প্ৰস্তুত কৰা ৰান্ধনীশালৰ দৃশ্য।

নাজিৰা নগৰৰ মাজমজিয়াৰ অনুপ শৰ্মা মালিকানাধীন চাহ হোটেলৰ মিঠাই প্ৰস্তুত কৰা ৰান্ধনীশালৰ দৃশ্য।

নাজিৰাৰ টাউনৰ শৰ্মা নামৰ এই হোটেলখনৰ সুস্বাদু মিঠাই সুন্দৰকৈ সজাই থোৱা দেখিলে হয়তো আপোনাৰো আগ্ৰহ হব একাপ চাহৰ সৈতে সেই মিঠাইৰ জুতি ল’বলৈ। কিন্তু আপুনি হয়তো কল্পনাও কৰিব নোৱাৰে এইখন হোটৈলত কেনেধৰণৰ কদৰ্য পৰিৱেশত এই মিঠাইসমূহ প্ৰস্তুত কৰা হয়। আমি দেখুৱাম নাজিৰাৰ শৰ্মা হোটেলৰ মিঠাই কাৰখানাৰ দৃশ্য। যি দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব।
নাজিৰাৰ নগৰৰ শৰ্মা চুইটছ নামৰ এইখন হোটেলৰ ৰান্ধনী শালৰ গাতে লাগি আছে শৌচাগাৰৰ গেৰেকনী।
এই গেৰেকনীৰ কাষতে
অতি অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰি আহিছে এই শৰ্মা হোটেলে।
গেৰেকনীৰ মাখিয়ে ভেনভেনাই থাকে শৰ্মা হোটেলৰ মিঠাইৰ কাৰখানাত।
মুঠৰ ওপৰত এক অস্বাস্থ্যকৰ পৰিৱেশত নাজিৰা শৰ্মা চুইটছ নামৰ হোটেল খনত মিঠাই প্ৰস্তুত কৰি গ্ৰাহক খুৱাই আহিছে বৰবিহ।
এনে দৰে গ্ৰাহকক মিঠাইৰ নামত বৰবিহ খোৱাই থকা এইসমূহ হোটেলৰ ওপৰত প্ৰশাসন তথা নাজিৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই এইয়া এক ৰহস্য জনক বিষয়।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

GTM Desk

Related