নাজিৰাত ৬০বছৰৰ উদ্ধৰ এজন ব্যক্তি সন্ধানহীন
নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা নাওশলীয়া গাৱঁৰ বিনয় শইকীয়াৰ ঘৰত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা পূৰণ বৰা নামৰ ৬০ বছৰীয়া ব্যক্তিজন প্ৰায় ২০ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নাজিৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ৬০ বছৰীয়া পূৰণ বড়া অবিবাহিত আৰু তেওঁ দীৰ্ঘদিন ধৰি বিনয় শইকীয়া ঘৰত বাস কৰি আহিছে। বিনয় শইকীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে পূৰণ বড়া তেওঁৰ পেহীয়েকৰ পুত্ৰ হয় ; লগতে তেওঁ কয় যে কোনো সদাশয় ব্যক্তিয়ে পূৰণ বড়াৰ সন্ধান দিব পাৰিলে তেওঁক পুৰস্কৃত কৰিব। পূৰণ বড়াৰ প্ৰকৃত ঘৰ লক্ষীমপুৰ জিলাৰ নাহৰণি পামত ।
যোগাযোগৰ নাম্বাৰ 8473082806
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট