ৰাজ্যৰ বানপানীৰ সৈতে মোকামিলা কৰিবলৈ সাজু NDRF

1 min read

বিগত কিছুদিন ধৰি অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভুটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি ৰাজ্যখনৰ কেবাখনো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । আনকি, শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰে ঠাই বিশেষে সতৰ্কতাৰ স্তৰ অতিক্ৰম কৰাৰ লগতে কেবাখনো উপনৈৰ জলস্তৰে বিপদ সীমা অতিক্ৰম কৰিছে ।

তেনেদৰে কাছাৰ জিলাৰ শিলচৰ, বঙাইগাঁও জিলাৰ অভয়াপুৰী, বৰপেটা জিলাৰ হাউলী আৰু যোৰহাট জিলাত এটাকৈ দল সাজু কৰি ৰখা হৈছে । একোজন পৰিদৰ্শকৰ অধীনত থকা দল সমূহত কেবাজনো প্ৰশিক্ষিত ডুবাৰু থকাৰ লগতে উন্নত মানৰ ৪/৫ খনকৈ ইঞ্জিনযুক্ত নাও , উদ্ধাৰ কাৰ্যত ব্যৱহৃত সা সঁজুলি , আনকি আক্ৰান্ত লোকক স্থানান্তৰ কৰাৰ বাবে বাছ পৰ্যন্ত সাজু কৰি ৰখা হৈছে ।

ইতিমধ্যে, অভয়াপুৰীত নিয়োজিত দলটোৱে ২৬ আগষ্টত শিশু, মহিলাকে ধৰি ২৫৮ জন বানাক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে । ২৬ আগষ্টলৈকৈ বাহিনীটোৱে বিগত কেইদিনত ৩৪৩ জন বানাক্ৰান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে । কমাণ্ডেণ্ট কাণ্ডাৰীয়ে সদৰি কৰা অনুসৰি, উদ্ধাৰ কার্যৰ সময়ত বাহিনীটোৰ নিয়োজিত লোক সকলে সামাজিক বা শাৰীৰিক দূৰত্ব, মাস্ক পৰিধান কৰা, চেনিটাইজ ব্যৱহাৰ কৰাকে ধৰি ক’ভিড বিধি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

You May Also Like

More From Author