28.3 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

Assamese News৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

যান–জঁটত অতিষ্ঠ মহানগৰবাসীৰ বাবে এটা ভাল খবৰ৷ অহা ৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ নির্মীয়মাণ উৰণীয়া সেতু৷ দীপাৱলীৰ দিনাই এই উৰণীয়া সেতুখন মুকলি কৰি ৰাইজৰ বাবে উছর্গা কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইতিমধ্যে দিন–ৰাতি একাকাৰ কৰি এই উৰণীয়া সেতুখনৰ চলিছে নির্মাণৰ কাম৷ ২০২০ চনৰ ১৭ ফেব্রুৱাৰীত এই সেতুখনৰ প্রথম পাইলিঙৰ কাম আৰম্ভ হৈছিল৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ তৎপৰতাত ছুপাৰ মার্কেটত লোকনির্মাণ বিভাগে চলাইছে নির্মাণকার্য৷ প্রায় ডেৰ কিলোমিটাৰ দৈর্ঘ্যৰ এই উৰণীয়া সেতুখনত ব্যৱহূত হৈছে অত্যাধুনিক প্রযুক্তি৷

বিদেশৰ অত্যাধুনিক তথ্য–প্রযুক্তিৰ লেখীয়াকৈ এই উৰণীয়া সেতুখনত ব্যৱহূত হৈছে হাইলিংক পাইপ, হাইলিংক কেং, কংক্রিট পাম্পকে ধৰি অতি উন্নতমানৰ প্রযুক্তি৷ উল্লেখ্য যে ১২৭ কোটি টকা বাজেটেৰে এই উৰণীয়া সেতুখনৰ নির্মাণৰ কাম কৰিছে ঠিকাদাৰ অনিল দাসে৷ ৰাজ্য চৰকাৰে ৩৬ মাহৰ ভিতৰত এই উৰণীয়া সেতুখনৰ কাম সম্পূর্ণ কৰিবলৈ নির্দেশ দিছিল৷ উল্লেখ্য যে ছুপাৰ মার্কেটস্থিত এই উৰণীয়া সেতুখন মুকলি হ’লেই গণেশগুৰি, দিছপুৰত সৃষ্টি হোৱা যান–জঁট বহু পৰিমাণে হ্রাস পাব৷ কাৰণ এই উৰণীয়া সেতুখনে সংলগ্ণ কৰিব দিছপুৰৰ পৰা ছয়মাইল–ছয়মাইলৰ্ দিশৰ পৰা মিনিষ্টাৰ কলনী, ছয়মাইলৰ পৰা গণেশগুৰি দিশ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: