SI কাণ্ডই জোকাৰিছে নলবাৰীক

1 min read

গুৱাহাটী: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত পোহৰলৈ অহা ন ন তথ্যই জোকাৰিছে ৰাজ্যক ৷ এই কেলেংকাৰীৰ একপ্ৰকাৰ ঘাটি হিচাপে পৰিচিত হোৱা নলবাৰী জিলাত উন্মোচিত হৈছে অধিক তথ্য ৷ এই কেলেংকাৰীয়ে সম্প্ৰতি ৰাজ্যত শাসনাধিষ্ঠ বিজেপি দলত খহনীয়া সৃষ্টি কৰিছে ৷

জিলাখনৰ অন্যতম বিজেপি নেতা দিবন ডেকাৰ নাম এই কেলেংকাৰীত সাঙোৰ খোৱাৰ পিছত নলবাৰী আৰক্ষীয়ে আটক কৰিছিল বিজেপিৰ নৱ নিৰ্মাণ ভাৰতৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশীক ৷

পৰৱৰ্তী সময়ত কুলদীপৰ ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছিল পাঁচগৰাকী পৰীক্ষাৰ্থীক ৷ পৰীক্ষাৰ্থী কেইগৰাকীৰ মাজৰ এগৰাকী পৰীক্ষাৰ্থীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল নিতুল বৰ্মনৰ নাম ৷

বিতৰ্কিত নিতুল বৰ্মন নামৰ যুৱকগৰাকী ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ নেতা সৰ্বেশ্বৰ বৰ্মনৰ ভতিজা ৷ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগত বিগত বৰ্ষত চাকৰিত নিযুক্তি লাভ কৰা নিতুল বৰ্মন সম্প্ৰতি পলাতক ৷

নলবাৰী আৰক্ষীয়ে নিতুল বৰ্মনৰ সন্ধানত আৰক্ষীয়ে বৰ্মনৰ বাসগৃহত উপস্থিত হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে পিতৃয়ে ৷

You May Also Like

More From Author