অসমৰ মিঞা মুছলমানৰ ৯০ শতাংশৰ পূর্বপুৰুষ আছিল হিন্দুঃ শ্বেৰমান আলী

অসমৰ মিঞা মুছলমানৰ ৯০ শতাংশৰ পূর্বপুৰুষ আছিল  হিন্দুঃ শ্বেৰমান আলী

বিভিন্ন সময়ত উগ্র সাম্প্রদায়িক, অসম আৰু অসমীয়াৰ আৱেগবিদ্বেষী মন্তব্য কৰি সততে বিতর্কৰ আৱর্তত থকা বাঘবৰ সমষ্টিৰ নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ মুখত এইবাৰ ব্রাহ্মণবিদ্বেষী মন্তব্য৷ সংবাদ মাধ্যমৰ আগত বিধায়ক আহমেদে ব্রাহ্মণসকল অত্যাচাৰী বুলি উগ্র সাম্প্রদায়িক মন্তব্য কৰি কয় যে এতিয়া ব্রাহ্মণসকলৰ অত্যাচাৰ বহু কমিছে৷ কিন্তু এটা সময়ত ব্রাহ্মণসকল যথেষ্ট অত্যাচাৰী আছিল৷ নিম্ন বর্ণ হিন্দুৰ বেদৰ বাক্য কাণত সোমালে ব্রাহ্মণসকলে গৰম ঘিউ কাণত ঢ়ালি দিছিল৷ নিম্ন বর্ণৰ হিন্দুসকলে দিনটো কঠোৰ পৰিশ্রম কৰি ব্রাহ্মণসকলৰ অত্যাচাৰৰ দুখ পাতলাবৰ বাবে ৰাতি ৰাতি মদ আৰু গৰম মাংস খাইছিল৷ তাৰ বাবেই তেওঁলোকৰ তেজ গৰম হয় আৰু অপৰাধপ্রৱণতা বাঢ়ে৷ বিধায়ক আহমেদে আৰু কয় যে অসমৰ মিঞা মুছলমানসকলৰ ৯০ শতাংশৰেই পূর্বপুৰুষ নিম্ন বর্ণৰ হিন্দু আছিল৷ ব্রাহ্মণৰ অত্যাচাৰৰ বাবেই এটা সময়ত তেওঁলোকে ধর্ম পৰিৱর্তন কৰি মুছলমান হৈছিল৷ বিধায়ক আহমেদৰ এই মন্তব্যই ইতিমধ্যে ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

GTM Desk

Related