উকিলক টকা দিবলৈ থকাৰ বাবে কাকজানৰ দুজন ব্যক্তিক আলফাৰ নামত ধন দাবী যুৱকক। টীয়ক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

উকিলক টকা দিবলৈ থকাৰ বাবে কাকজানৰ দুজন ব্যক্তিক আলফাৰ নামত ধন দাবী যুৱকক।  টীয়ক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

টীয়কৰ প্ৰতিবেদক ১৯ জানুৱাৰী/২৩ : নিষিদ্ধ ঘোষিত আলফাৰ নামত ধন দাবী কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে টীয়কৰ কাকজানৰ চিৰাজুল হুছেইন নামৰ এজন যুৱক।জানিব পৰা মতে চিৰাজুলে কাকজান অঞ্চলৰ দুজন ব্যক্তিক আলফাৰ নথিত এখন চিঠি লিখি এজনক একলাখ আৰু আন এজনক সত্তৰ হাজাৰ টকা দাবী কৰিছিল আৰু ধন দাবী পুৰণ নকৰিলে চৰম শাস্তিৰো ভাবুকি দিছিল।কালি নিশা টীয়ক আৰক্ষীৰ থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষী চকী উপপৰিদৰ্শক অজয় ​​ৰেগনৰ আৰু টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰংৰ নেতৃত্বত এটা দলে কৌশলেৰে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে চিৰাজুল আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন(NRC)ত নাম সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত বিদেশী ন্যায়ধীশ আদালত গোচৰ চলি আছে আৰু এই গোচৰৰ তাৰিখ পৰা উকিলক ধন দিবৰ বাবে টকা যোগাৰ নোহোৱাত এইদৰে আলফাৰ নামত ভুৱা কাগজ ব্যৱহাৰ কৰি ধন দাবী কৰিছিল বুলি ইতিমধ্য স্বীকাৰ কৰিছে যুৱকজনে।ইপিনে এই আলফাৰ নামৰ নঠি যোৰহাটৰ উন্নয়ন চুপাৰ মাৰ্কেটৰ এখন দোকানত বনোৱা হৈছিল বুলিও যুৱকজনে জনাইছে।আৰক্ষীয়ে ইতিমধ্য এই কু চক্ৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।

Shahnawaz Hamza

Related