টোপনিৰ আদৰ্শ সময় কি ? জানিবলৈ পঢ়ক

1 min read

এজন মানুহে নিশা সাত-আঠ ঘন্টা টোপনি গ’লে শৰীৰ শিথিল হোৱাৰ লগতে পিছদিনা অধিক সতেজ আৰু উদ্যমী অনুভৱ কৰে ।

পৰ্যাপ্ত টোপনি নাহিলে শৰীৰ দুৰ্বল আৰু অলস হয় যদিও টোপনিৰ কোনো আদৰ্শ সময় নাই তথাপি এজন পূৰ্ণ বয়স্কৰ মানুহে সাত-আঠ ঘন্টা শোৱাৰ আৱশ্যকতা আছে ।
এজন মানুহ কিমান সময় শুৱ লাগে বা টোপনিৰ আদৰ্শ সময় কিমান ? সাধাৰণতে মহিলাৰ ক্ষেত্ৰত টোপনিৰ আদৰ্শ সময় পুৰুষতকৈ বেলেগ ।

বিশেষকৈ মাহেকীয়া ঋতুচক্ৰৰ সময়ত এগৰাকী মহিলাৰ শৰীৰত বিভিন্ন পৰিৱৰ্তন আহে । গতিকে সেই সময়ছোৱাত এগৰাকী মহিলা আন সময়তকৈ বেছিকৈ শুৱ লাগে ।

সুস্থতা অনুভৱ কৰিবলৈকে মাহেকীয়া সময়ত মহিলাগৰাকী বেছি সময় শোৱাৰ প্ৰয়োজন হয় । একেদৰে এটা সুস্থ শৰীৰৰ বাবে সঠিক টোপনি যোৱাটো খুবেই প্ৰয়োজন ।

কিছুমান পৰিস্থিতিত টোপনিৰ সময় পৰিৱৰ্তন হয় যদিও টোপনি যোৱাৰ আৱশ্যকতা এইকাৰণেই দৰকাৰ যে টোপনিয়ে যিকোনো ৰোগৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে ।

সমান্তৰালকৈ টোপনিৰ আদৰ্শ সময় বুলি কলে আচলতে টোপনি যোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই । টোপনিৰ পৰা উঠা সময়ছোৱাত আপুনি কেনেকুৱা অনুভৱ কৰে , তাৰ ওপৰতে আপুনি টোপনিৰ আদৰ্শ সময় নিৰ্ধাৰণ কৰিব পাৰিব ।

অৰ্থাৎ ইয়াৰ যোগেদিয়েই আপুনি আপোনাৰ টোপনিৰ আৱশ্যকতা বিষয়ে জানিব পাৰিব । যদি আপুনি ছঘন্টা টোপনি যোৱাৰ পিছত সজীৱ অনুভৱ কৰে তেন্তে সেইয়াই আপোনাৰ টোপনিৰ আদৰ্শ সময় ।

বি : দ্ৰ : অত্যাধিক টোপনি নোযোৱাটো কোনো ৰোগৰো লক্ষণ হ’ব পাৰে । তেনেক্ষেত্ৰত টোপনিৰ অভাৱ হ’লে চিকিৎসকৰ ওচৰ চাপিব লাগে ।

You May Also Like

More From Author