20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

মেঘালয় আৰু নাগালেণ্ডত শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান প্ৰক্ৰিয়া।

Assamese Newsমেঘালয় আৰু নাগালেণ্ডত শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান প্ৰক্ৰিয়া।
মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে ভোটগ্ৰহণ কৰা হ’ব। ভোটগ্ৰহণৰ বাবে দুয়োখন ৰাজ্যতে প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। মেঘালয়ৰ ৫৯ টা বিধানসভা সমষ্টিৰ বাবে ৩ হাজাৰ ৪১৯টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। ইতিমধ্যে ভোটগ্রহণকাৰী বিষয়া-কৰ্মচাৰীৰ দল ভোটগ্রহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে।
ইফালে, নাগালেণ্ড বিধানসভাৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খনৰ বাবে সোমবাৰে ভোটগ্ৰহণ কৰা হ’ব। পুৱা ৭ বজাৰ পৰা চলিবলগীয়া এই ভোটগ্ৰহণৰ বিয়লি ৪ বজাত সামৰণি পৰিব। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত মুখ্য নির্বাচনী বিষয়া ভি শশাংক শেখৰে কৈছে যে নিৰ্বাচন নিকা আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত কেন্দ্ৰীয় সশস্ত্র আৰক্ষী বাহিনীৰ পৰ্যাপ্ত বিষয়া নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যখনত মুঠ দুহেজাৰ ৩১৫ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। এইসমূহৰ ভিতৰত ৭৭৭ টা স্পৰ্শকাতৰ আৰু ৭২০ টা কেন্দ্ৰ অতিশয় স্পৰ্শকাতৰ বুলি বিষয়াগৰাকীয়ে লগতে প্ৰকাশ কৰে। অর্ধেক ভোটগ্রহণ কেন্দ্ৰতেই ৱেব কাষ্টিং অথবা ভিডিঅ’গ্ৰাফীৰ ব্যৱস্থা কৰা হৈছে। তেওঁ সকলো ভোটদাতা ৰাইজক ভোটদানৰ বাবে আহ্বান জনাইছে।
আমাৰ আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনত অতিৰিক্ত অর্ধ-সামৰিক বাহিনী নিয়োগ কৰাৰ লগতে ভাৰত-ম্যানমাৰ সীমান্তত চোকা পহৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰোপৰি অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ সৈতে থকা নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়া হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে নাগালেণ্ডত সোমবাৰে ১৮৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব। এইবাৰৰ নিৰ্বাচনত ৪ গৰাকী মহিলা প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বর্তমানলৈকে নাগালেণ্ড বিধানসভা নিৰ্বাচনত কোনো মহিলা প্রার্থীয়ে জয়লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। বিজেপিয়ে ইতিমধ্যে এখন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।
নাগালেণ্ডৰ ৱ’খা জিলাত দেওবাৰে হোৱা এটা পথ দুৰ্ঘটনাত ১৫ জন প’লিং বিষয়াৰ লগতে আন এজন লোক আহত হয়। এই ঘটনাত লোককেইজনক কঢ়িয়াই নিয়া বাহনখনৰ চালকগৰাকীৰ থিতাতে মৃত্যু হয় আৰু আঘাতপ্ৰাপ্ত লোকসকলক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!