28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা এই পর্যন্ত আৰক্ষীৰ হাতত কোনোধৰণৰ ভুৱা এনকাউণ্টাৰ হোৱা নাইঃ পীযুষ হাজৰিকা

Assamese News২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা এই পর্যন্ত আৰক্ষীৰ হাতত কোনোধৰণৰ ভুৱা এনকাউণ্টাৰ হোৱা নাইঃ পীযুষ হাজৰিকা

বৰ্তমান চৰকাৰৰ কাৰ্যকালত ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা এই পর্যন্ত আৰক্ষীৰ হাতত কোনোধৰণৰ ভুৱা এনকাউণ্টাৰ হোৱা নাই বুলি অসম চৰকাৰে প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত ১৩৮ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এনেধৰণৰ গোচৰত কৰ্তব্যত অৱহেলা কৰাৰ বাবে ১৬ জন আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম বিধানসভাত আজি বিধায়ক অখিল গগৈৰ হৈ মনোৰঞ্জন তালুকদাৰে সোধা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই তথ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কোনোধৰণৰ ভুৱা এনকাউণ্টাৰ হোৱা নাই বৰং, এই কাৰ্যকালত আৰক্ষীৰ দৃঢ় পদক্ষেপ গ্ৰহণৰ তথ্যহে প্ৰকাশ পাইছে। আনহাতে, দুষ্কৃতিকাৰীয়ে পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত অথবা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় ১৩৮ টা গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এনে ঘটনাত ২৬ জনৰ মৃত্যু আৰু ১২০ জন আহত হৈছে। এনেধৰণৰ গোচৰৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অভিযুক্ত পলাই যাবলৈ চেষ্টা কৰোতে মৃত্যু হোৱা ঘটনা ১০০ শতাংশ দণ্ডাধীশ পৰ্যায়ত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!