অখিলে নহয়, কংগ্রেছৰ নেতা কর্মীয়ে নির্ধাৰণ কৰিব কংগ্রেছৰ ভৱিষ্যৎ

0 min read

ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা৷ বিধায়ক গগৈয়ে এহাতে কংগ্রেছৰে মিত্রতাৰ বাবে আগবাঢ়ি আহি এআইইউডিএফৰে কংগ্রেছে মিত্রতা অব্যাহত ৰাখিলে অহা ১০০ বছৰলৈ অসমত কংগ্রেছ দল ক্ষমতালৈ আহিব নোৱাৰিব বুলি কৰা মন্তব্যৰ বাবেই প্রদেশ কংগ্রেছৰ সভাপতি বৰা ক্ষুণ্ণ হৈ পৰিছে৷ বৃহস্পতিবাৰে গুৱাহাটীত এই সম্পর্কত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয়– তেওঁ আমাৰ বন্ধু হ’ব বিচাৰে৷ অথচ বন্ধুজনৰ ভৱিষ্যদ্বাণী যদি জ্যোতিষীৰ দৰে আগতীয়াকৈ কৈ দিয়ে, তেতিয়াহ’লে তেনেধৰণৰ বন্ধুত্ব কিমান গাঢ় হ’ব, সেয়া সাধাৰণ মানুহ হিচাপে আমি বুজি পাওঁ৷ তদুপৰি আমাৰ নেতা হৈছে ৰাহুল গান্ধী৷ অখিল গগৈয়ে তেওঁৰ নেতা হিচাপে নতুনকৈ এজনৰ নাম ঘোষণা কৰিছে৷ আমি ৰাহুল গান্ধীৰ ফটো লৈ আগুৱাই যাম৷ আমাৰ ৰাষ্ট্রীয় নেতা ৰাহুল গান্ধী৷ কিন্তু অখিল গগৈৰ ক্ষেত্রত তেওঁ অসমত নিজেই নেতা আৰু ৰাষ্ট্রীয় পর্যায়ত তেওঁৰ আন এজন বেলেগ নেতা৷

কংগ্রেছক এ আই ইউ ডি এফৰে সম্পর্ক ছেদৰ বাবে অখিল গগৈয়ে জনোৱা আহ্বান সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয়– মহাজোঁট মই অকলে কৰা নাই৷ মহাজোঁট কংগ্রেছ দলৰ হাইকামাণ্ডৰ উপস্থিতিত আৰু হাইকামাণ্ডৰ নির্দেশত প্রদেশ কংগ্রেছে কৰিছে৷ এই সম্পর্কত বেলেগ দলৰ মানুহে দিহা–পৰামর্শ দিব পাৰে, অভিশাপ দিব পাৰে, আশীর্বাদো দিব পাৰে৷ কিন্তু কংগ্রেছ দল কেনেদৰে পৰিচালিত হ’ব, সেয়া কংগ্রেছৰ নেতা–কর্মীয়ে নির্ধাৰণ কৰিব৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে অখিল গগৈয়ে কংগ্রেছৰে মিত্রতা কৰি দলটোত যি আধিপত্য চলোৱাৰ পৰিকল্পনা কৰিছে, কংগ্রেছে যে সেয়া মানি নলয়৷ এনে অৱস্থাত অখিল গগৈ আৰু কংগ্রেছৰ মিত্রতা কিমান ফলপ্রসূ হৈ উঠে, সেয়া সময়তহে ক’ব পৰা যাব৷

সেইদৰে নগাঁৱৰ কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰিব বুলি প্রচাৰ মাধ্যমত চলা চর্চাৰ প্রসংগত সভাপতি বৰাই কয় যে বিজেপিয়ে তেনেধৰণৰ ষড়যন্ত্র চলাই আছে৷ কংগ্রেছৰ কোনো নেতা–কর্মী বিজেপিলৈ নাযায়৷ প্রদ্যুৎ বৰদলৈক ইতিমধ্যে প্রদেশ কংগ্রেছৰ পথ দর্শন শিবিৰত অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷ ইপিনে, যোৱা বিধানসভা নির্বাচনৰ পূর্বে অখিল গগৈয়ে এ আই ইউ ডি এফৰ পৰা ১০ কোটি টকা বিচৰাৰ প্রসংগত একেই স্থিতিত আছে এ আই ইউ ডি এফ৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (জ্যেষ্ঠ) আজি দিছপুৰত সাংবাদিকৰ আগত কয়– অখিল গগৈক চেলেঞ্জ কৰিছোঁ, তেওঁ আইনৰ আশ্রয় লওক, তেতিয়া সকলো তথ্য দাখিল কৰিম৷ অখিল গগৈক সকীয়াই দি বিধায়ক ইছলামে কয়– ‘মোক জোকাই নল’ব, নহ’লে সকলো তথ্য ফাদিল কৰিম৷’ অখিল গগৈয়ে নিজকে সৎ ৰাজনীতিক বুলি কৰা মন্তব্য সন্দর্ভতো কটাক্ষ কৰি কয়– তেওঁ মোক সমালোচনা কৰিবলৈ গৈ অশ্লীল–শ্রাব্য অসাংবিধানিক শব্দ প্রয়োগ কৰিছে৷ এজন সতীর্থ বিধায়কৰ প্রতি তেওঁ প্রয়োগ কৰা ভাষা–ব্যৱহাৰ–আচৰ প্রমাণ হৈছে তেওঁৰ সততা–চৰিত্র–ব্যক্ত্৷

পি জে এ চি বি এমৰ মুখ্য আহ্বায়ক গর্জন মছাহাৰীৰ নেতৃত্বত ১৭ নেতাৰ কংগ্রেছত যোগদান
ভাৰতীয় জাতীয় কংগ্রেছ দলৰ নীতি আৰু আদর্শৰ প্রতি আকর্ষিত হৈ পিপলছ জইণ্ট একচন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট (পি জে এ চি বি এম)ৰ মুখ্য আহ্বায়ক গর্জন মছাহাৰীৰ নেতৃত্বত সংগঠনটোৰ মুঠ ১৭গৰাকী ৰাজ্যিক পর্যায়ৰ নেতাই আনুষ্ঠানিকভাৱে কংগ্রেছ দলত যোগদান কৰে৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এক যোগদান কার্যসূচীত সংগঠনটোৰ মুখ্য আহ্বায়ক মছাহাৰীৰ লগতে মজুমদাৰ ব্রহ্ম, বীৰেশ্বৰ বসুমতাৰী, যোছেফ বসুমতাৰী, মনমোহন ব্রহ্ম, পীয়ূষ নার্জাৰী, প্রিন্স ওৱাৰী, নৰেশ বসুমতাৰী, হিৰণ্য ব্রহ্ম, অমিত বসুমতাৰী, লিনুষ নার্জাৰী, ৰাজু ব্রহ্ম, মাইকেল টুডু, ফৰমইলং ব্রহ্ম, চৰা চাংমা, হাবিল আলী এছ কে আৰু মনমোহন ব্রহ্মক প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কংগ্রেছ দললৈ আদৰণি জনায়৷ কংগ্রেছ দলত যোগদান কৰিয়েই পি জে এ চি বি এমৰ মুখ্য আহ্বায়ক মছাহাৰীয়ে কয়– আমি বড়োভূমিৰ জনসাধাৰণৰ শান্তিৰ বাবে দীর্ঘদিন ধৰি আন্দোলন চলাইছিলোঁ৷ কিন্তু আজিৰ বিজেপি চৰকাৰখনৰ শাসনকালত বড়োভূমিৰ মানুহৰ মাজত থকা শান্তি–সম্প্রীতি বিঘ্ণিত হৈছে৷ অসমত শান্তি ঘূৰাই আনিবলৈ হ’লে কংগ্রেছ দল শাসনত আহিবই লাগিব৷

ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ভাষণত কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বর্তমানৰ বিজেপি চৰকাৰখনৰ প্রতি মোহভংগ হৈছে৷ বি টি আৰত আজিৰে পৰা নতুন দিগন্তৰ সূচনা হ’ল৷ কাল অমানিশা আঁতৰি নতুন সূৰুয থিয় হৈছে৷ বিগত সময়খিনিত বিজেপি চৰকাৰখনে বিভিন্ন কৌশল প্রয়োগ কৰি কংগ্রেছৰ গতি ৰোধ কৰাৰ চেষ্টা কৰি আছে৷ তেওঁলোকে যিমানেই কংগ্রেছৰ গতি ৰোধৰ চেষ্টা নকৰক কিয়, কংগ্রেছ আৰু অধিক দুৰন্ত গতিৰে আগবাঢ়িব৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে গর্জন মছাহাৰীৰ যোগদানে বি টি আৰত কংগ্রেছ দলক অধিক শক্তিশালী কৰি তুলিব৷ আজিৰ এই কার্যসূচীত প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, জ্যেষ্ঠ কংগ্রেছ নেতা শৰৎ বৰকটকী, হিৰণ্য বৰা, দ্বিজেন শর্মা, বলীন কুলী আদি উপস্থিত থাকে৷ ইফালে, কংগ্রেছত যোগদানৰ পাছতেই গর্জন মছাহাৰীক প্রদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র আৰু বি টি আৰ কংগ্রেছৰ তত্ত্বাৱধাক হিচাপে সভাপতি বৰাই নিযুক্তি দিয়ে৷

You May Also Like

More From Author