41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অমৃত সৰোবৰ খান্দি থাকোতেই ওলাল প্ৰাচীন শিলৰ দেৱীমুৰ্তি

Assamese Newsঅমৃত সৰোবৰ খান্দি থাকোতেই ওলাল প্ৰাচীন শিলৰ দেৱীমুৰ্তি

অমৃত সৰোবৰ খান্দি থাকোতে ওলাল প্ৰাচীন শিলৰ দেৱীমুৰ্তি ৷ লগতে ওলাল আহোম যুগত সৈনিকে ব্যৱহাৰ কৰা জাঠিৰ জোঙা অংশ ৷ লখিমপুৰত থকা আহোম যুগৰ একমাত্ৰ দৌল মাঘনোৱা দৌলৰ চৌহদৰ কাষতে পশ্চিম দিশত খনন চলাই থকা হৈছে অমৃত সৰোবৰ আচনিৰ এটা পুখুৰীৰ ৷ এই পুখুৰীৰ মাটি ডাম্পাৰেৰে কঢ়িয়াই পেলাইছেগৈ নাৰায়ণপুৰত ৷

যোৱা শুকুৰবাৰে সেই মাটি সমান কৰি থাকোতেই ওলাল এটা সুপ্ৰাচীন শিলৰ দেৱী মুৰ্তি ৷ বিজ্ঞসকলৰ পৰা জানিব পৰা মতে এই শিলৰ মুৰ্তিটো মহাজানি বৌদ্ধ পৰম্পৰাৰ জাংগোলী তাৰা দেৱীৰ মুৰ্তি ৷ প্ৰায় ডেৰফুট ওখ আৰু একফুট বহল এটা শিলত খোদাই কৰা মুৰ্তিটো কোনোবা মঠ-মন্দিৰত থাপনা কৰি থোৱা বুলি অনুমান কৰা হৈছে ৷ আনহাতে একেটা স্থানৰে পৰা নাৰায়ণপুৰ যোৰহটীয়া গাঁৱলৈ নিয়া মাটিত উদ্ধাৰ হৈছে আহোম সৈনিকসকলে ব্যৱহাৰ কৰা এদাল যাঠিৰ জোঙা অংশ ৷

উল্লেখযোগ্য যে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতে ১৭০৫ খ্ৰীষ্টাব্দত স্থাপন কৰা নাৰায়ণপুৰ মাঘনোৱা দৌলৰ আশে-পাশে খনন চলালেই উদ্ধাৰ হয় ইতিহাস বিজৰিত সুপ্ৰাচীন সম্পদ ৷ কিছুদিনৰ পূৰ্বে মাঘনোৱা দৌলৰ কাষতে আৱিষ্কাৰ হৈছিল আহোম যুগৰ এটা পকী নাদ ৷ মাঘনোৱা দৌলৰ ভিতৰৰ পৰা এটা সৰু সুৰংগৰে সংলগ্ন হৈ আছে সেই পকী নাদটো ৷ ইয়াৰ উপৰি কিছুদিনৰ পুৰ্বে দৌলৰ চৌহদ দেৱাল নিৰ্মান কৰাৰ বাবে নলা খান্দোতে উদ্ধাৰ হৈছিল আহোম যুগত ব্যৱহৃত আচবাব আৰু অস্ত্ৰ-শস্ত্ৰৰ টুকুৰা ৷

ঐতিহাসিক তথ্য অনুসৰি তাই আহোম সকলৰ শস্যৰ অধিস্থাত্ৰী দেৱী “মক্‌-নোৱা” ক উপাসনাৰ বাবেই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই স্থাপন কৰিছিল এই দৌলটো ৷ আহোম যুগত ধৰ্মীয় পৰম্পৰা দৌলত ঠিকে-ঠাকে চলি আছিল যদিও মানৰ আক্ৰমনত তচনচ হৈ পৰে সকলো ৷ আক্ৰমনৰ সময়ত মানে দৌলৰ বিস্তৰ ক্ষতি কৰে আৰু দৌলৰ ভিতৰত থকা,দেৱালত স্থাপন কৰি থোৱা বহু মুৰ্তি আৰু আচবাব কাষতে থকা মঘনোৱা বিলত পেলাই দিয়ে ৷

পৰৱৰ্তী সময়ত এই “মাক্-নোৱা” দৌল মাঘনোৱা দৌল হ’ল যদিও পূৰ্বৰ ধৰ্মীয় মান্যতা ঘুৰাই নেপালে ৷ বৰ্তমান আহোম সকলৰ দাবীত ৰাজ্যৰ অন্যান্য ঐতিহাসিক সমলৰ লগতে এই মাঘনোৱা দৌলক পুৰাতাত্বিক সমল হিচাপে ঘোষণা কৰা হ’ল যদিও এতিয়াও দৌলৰ আশেপাশে উদ্ধাৰ হ’বলৈ বাকী ইতিহাস বিজৰিত স্থান আৰু সম্পদ ৷

মাঘনোৱা দৌল সমিতিৰ সম্পাদক উম্ফা চাৰিঙীয়াই জানিবলৈ দিয়ে যে- শিলৰ মুৰ্তি আৰু যাঠিৰ অংশ উদ্ধাৰ হোৱাৰ পিচত খনন চলোৱা স্থান পৰিদৰ্শনৰ বাবে পুৰাতাত্বিক বিভাগৰ এটা “চাৰ্ভে টিম” সোমবাৰে উপস্থিত হবহি ৷ তেতিয়ালৈকে পুখুৰী খননকাৰ্য বন্ধ ৰখা হৈছে ৷ অনুমান কৰাৰ দৰেই মাঘনোৱা দৌলৰ আশেপাশে আৰু বহু ঐতিহাসিক পুৰাতাত্বিক সমল উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!