এটা বয়সৰ পাছত, শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হয়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। ওজন বৃদ্ধি হোৱাৰ লগে লগেই ভৰিৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি হয় । গাঁঠিবোৰত আৰম্ভ হয় বিষ । বৃদ্ধি হোৱা ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ আৰু কিডনিৰ সমস্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে ।সেয়েহে ৬০ বছৰ বয়সৰ পাছতো,
খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে পৰৱৰ্তী সময়ত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পা সেই কথা নতুনকৈ কাকো কোৱাৰ প্রয়োজন নাই। পুৱা শুই উঠাৰে পৰা নিশা শোৱাৰ আগলৈকে যিবোৰ খাদ্য গ্ৰহণ কৰা হয় সেইবোৰেই শৰীৰৰ ইন্ধন। খাদ্যৰ পৰা আহৰণ কৰা কেলৰি শৰীৰত জমা হয়। দৈনন্দিন যিকোনো কার্য সম্পাদনে ব্যয় হয় কেলৰি
উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। চি আই ডিয়ে তীব্ৰগতিত চলাইছে ঘটনাৰ তদন্ত। ইতিমধ্যে কেতবোৰ তথ্য পোহৰলৈ আহিছে এই ঘটনা সন্দৰ্ভত। ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে চাঞ্চল্যকৰ ভাষ্য। তাৰ মাজতে এটা ভাইৰেল অডিঅ’ ক্লিপে অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনাক।
মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ছাত্ৰৰ। মাজুলীৰ অতিৰিক্ত উপায়ুক্তই গৰমূৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। অতিৰিক্ত উপায়ুক্তৰ বাহনখনে মহতিয়াই নিয়ে দুজন ছাত্ৰ। ফলত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে মলয় নাথ নামৰ দশম মানৰ ছাত্ৰজন গুৰুতৰভাৱে আহত হয়। দুয়োগৰাকী ছাত্ৰ বৰগুৰি
বি টি আৰৰ চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰত বি টি চিৰ সচিবালয়ৰ পৰা ১৮ মে’ৰ দিনটো বড়ো মাধ্যম দিৱস হিছাপে পালন কৰিবলৈ নিৰ্দেশ। সচিবালয়ৰ নিৰ্দেশৰ পাছতেই বি টি আৰৰ ৪খন জিলাৰ অন্তৰ্গত প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়,মহাবিদ্যালয় আৰু বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰত বড়ো মাধ্যম দিৱস পালন কৰা হয়। বৃহস্পতিবাৰে বি টি আৰৰ অন্তৰ্গত