ছাত্ৰীয়েই নহয়, ছাত্ৰয়ো পাব স্কুটী….

ছাত্ৰীয়েই নহয়, ছাত্ৰয়ো পাব স্কুটী….

ছাত্ৰীয়েই নহয়,আগন্তুক দিনত ছাত্ৰয়ো লাভ কৰিব স্কুটী। মাজুলীত ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই স্কুটীখন লৈ য’লৈকে যাব সফলতাৰ বাতৰি লৈ যাব। অন্যান্য ছাত্ৰ-ছাত্ৰীসকলকো কষ্ট কৰি অধ্যয়ণ কৰি ভাল ফলাফল কৰিব পাৰে তাৰ বাবে উৎসাহিত কৰিব। এইখন স্কুটী সফলতাৰ প্ৰতীক বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ছাত্ৰীয়ে নহয়, ছাত্ৰয়ো লাভ কৰিব স্কুটী, ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ছাত্ৰীয়ে নহয়, ছাত্ৰয়ো লাভ কৰিব স্কুটী, ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ছাত্ৰীয়ে নহয়, ছাত্ৰয়ো লাভ কৰিব স্কুটী। মাজুলীত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত এই কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মেধাৱী ছাত্ৰক লৈ বিশেষ আঁচনিৰ চিন্তা–চৰ্চা চৰকাৰৰ। ভৱিষ্যতে ছাত্ৰকো স্কুটী দিয়াৰ পৰিকল্পনাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত কয় – ‘‘ভৱিষ্যতৰ দিনত আমি ছাত্ৰসকলৰ বাবেও এনেধৰণৰ

২৪ ঘণ্টীয়া উত্‍কণ্ঠাৰ অৱসান! অৱশেষত উদ্ধাৰ হ’ল প্ৰাক্তন সাংসদ বিশ্বজিত্‍ দৈমাৰীৰ পুত্ৰ অমিতৰাজ

২৪ ঘণ্টীয়া উত্‍কণ্ঠাৰ অৱসান! অৱশেষত উদ্ধাৰ হ’ল প্ৰাক্তন সাংসদ বিশ্বজিত্‍ দৈমাৰীৰ পুত্ৰ অমিতৰাজ

প্ৰায় ২৪ ঘণ্টীয়া উত্‍কণ্ঠাৰ অৱসান। উদ্ধাৰ হ’ল প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিত্‍ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰী। বুধবাৰে চিৰাঙৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰজনক। উল্লেখযোগ্য যে, মঙলবাৰৰ পৰা নিখোজ হৈ আছিল প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰ। ১৬ বছৰীয়া অমিতৰাজ ৰিয়েলিটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। নিৰুদ্দিষ্ট ছাত্ৰজনক উদ্ধাৰৰ বাবে আৰক্ষীয়ে জোৰদাৰ গতিত চলাইছিল