পল্টনবজাৰৰ চিটী পেলেচ হোটেলত যুৱতীৰ মৃতদেহ…

পল্টনবজাৰৰ চিটী পেলেচ হোটেলত যুৱতীৰ মৃতদেহ…

পল্টনবজাৰৰ চিটী পেলেচ হোটেলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। হোটেলৰ কোঠা ভাৰালৈ লৈ যুৱতীগৰাকীয়ে পাৰ্টী কৰিছিল দুই যুৱকৰে। গুৱাহাটী আইআইটিত অধ্যয়নৰত মৃত পুল্লুৰী আচাৰ্য্য আৰু পাৰ্টীত সহযোগ কৰা দুই যুৱক। তিনিও তেলেংগানাৰ পৰা আহি অধ্যয়ন কৰি আছিল আইআইটি গুৱাহাটীত। ইতিমধ্যে পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছে পাৰ্টীত থকা দুই ছাত্ৰক।

অনুপ চেতিয়া-শশধৰ চৌধুৰী সুবিধাবাদী আলফা : নৱ শৰণীয়া

অনুপ চেতিয়া-শশধৰ চৌধুৰী সুবিধাবাদী আলফা : নৱ শৰণীয়া

পৰেশ বৰুৱালৈ আহ্বান- আজি আৰু সংঘাত কৰাৰ দিন নাই কোকৰাঝাৰত নৱ শৰণীয়াৰ বিকল্প নাই ভূমি পট্টাৰ পৰা বিটিআৰ লোক আজিও বঞ্চিত আলফাৰ চুক্তিৰ মাজত বিজেপিৰ এজেণ্ডা প্ৰকাশ পাইছে আজি দিছপুৰ প্ৰেছ ক্লাবত কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলখনত তেওঁ বিটিআৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা ! বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা ! বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত…

কাছাৰৰ কাটিগড়াত পথ দুৰ্ঘটনা। বনভোজ খাই উভতাৰ পথত বনভোজ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত আহত ৫গৰাকী লোক। পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনখনৰ। শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি দুৰ্ঘটনাগ্ৰস্তক। এজনৰ অৱস্থা সংকটজনক।

হিট এণ্ড ৰান আইনক লৈ উত্তাল দেশ, ৫ আৰু ৬ জানুৱাৰীত অসমত বন্ধ থাকিব OLA, UBER সেৱা!

হিট এণ্ড ৰান আইনক লৈ উত্তাল দেশ, ৫ আৰু ৬ জানুৱাৰীত অসমত বন্ধ থাকিব OLA, UBER সেৱা!

দেশত প্ৰৱৰ্তন হোৱা নতুন পৰিবহণ আইনক লৈ দেশজুৰি উত্তাল প্রতিবাদ দেখিবলৈ পোৱা গৈছে। এতিয়াৰে পৰা হিট এণ্ড ৰানৰ গোচৰত চালকে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ। হিট এণ্ড ৰানৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকা পর্যন্ত জৰিমনা বিহিব। এই আইনৰ বিৰোধিতা কৰিছে ট্রাকচালক আৰু বাছচালকে। চালকসকলৰ দাবী তেওঁলোকে ইমান জৰিমনা

কাৰ ভুলৰ বাবে সংঘটিত হ’ল দেৰগাঁৱৰ মৰ্মান্তিক দুৰ্ঘটনা?

কাৰ ভুলৰ বাবে সংঘটিত হ’ল দেৰগাঁৱৰ মৰ্মান্তিক দুৰ্ঘটনা?

দেৰগাঁৱত মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ গ’ল ১২জনকৈ লোকৰ। বনভোজ খাবলৈ যোৱা এখন বাছৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩০জনতকৈ অধিক লোক আহত হয়। কিন্তু কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল? জানিব পৰা মতে, ভুল পথেৰে আহি আছিল কয়লাভৰ্তি অভাৰলোডেড ট্ৰাকখন। যাৰ ফলতে বাছখনৰ