People of Bebejia will select candidate according to their eligibility, not by any party.

People of Bebejia will select candidate according to their eligibility, not by any party.

দল চাই নহয় প্ৰাৰ্থী চাই ভোট দিব জুৰিয়া তেলিয়া বেবেজীয়া ৰাইজে ৷
নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়া তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়ত এইবাৰ কাৰ হাতলৈ যাব তাক লৈ সকলোৰে মাজত চলিছে চিন্তা চৰ্চা ৷ জুৰিয়াৰ একমাত্ৰ অসমীয়া গাওঁ খনত কোনে মাৰিব শেষ হাঁহি ৷ বিজেপি আৰু অগপৰ মাজৰ যুজ খনে বাৰুকৈয়ে বিপাঙত পেলাইছে ভোটাৰ ৰাইজক ৷ বিজেপি দলৰ পৰা পোনপ্ৰথম বাৰৰ বাবে মণিশা ভূঞা বৰা আৰু প্ৰতি বছৰে নিৰ্বাচন খেলি তৃতীয় , চতুৰ্থ স্থান লাভ কৰি অহা নিতুল শইকীয়াই পুনৰ বাৰ সভাপতি পদৰ বাবে নিৰ্বাচনত নামিছে ৷ নিৰ্দলীয় প্ৰাৰ্থী আছে যদিও গা কৰি উঠিব পৰা নাই তেওঁলোকে ৷ সন্মানীয় পঞ্চায়তটোত ৰাইজে এইবাৰ মহিলা প্ৰাৰ্থীক বিচৰা নাই যোৱা পাচটা বছৰ মহিলা হোৱাৰ বাবেই বহু পিছপৰি থাকিব লগা হল পঞ্চায়তটো ৷ গতিকে কংগ্ৰেছ দল বুলি নহয় ছাত্ৰ নেতা তথা এজন সমাজ কৰ্মী হিচাপে চন্দ্ৰ গুপ্ত বৰাকেই আদৰি লোৱা দেখা গৈছে ৷ ৬০ ৰ উদ্ধৰ পুৰুষ মহিলা ওলাই আহিছে তেওঁৰ হৈ ভোট বিচাৰি ৷ সকলোৰে আশা যুৱ নেতা তথা সমাজ কৰ্মী চন্দ্ৰ গুপ্ত বৰা ই মাৰিব শেষ হাঁহি ৷ সদায় স্পষ্ট বাদী চন্দ্ৰ গুপ্ত বৰা শিল্পী হিচাপেও ৰাইজৰ মাজত জনপ্ৰিয়তা আছে ৷ নাটক , ভাওনা আদিত অভিনয়ৰে ৰাইজৰ মন জয় কৰা চন্দ্ৰ গুপ্ত বৰাৰ মন তেলিয়া বেবেজীয়া বাসী ৰাইজে জয় কৰাব নে নাই সময়েহে কব ৷

জুৰিয়াৰ পৰ পদুম ভূঞা

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.