People of Bebejia will select candidate according to their eligibility, not by any party.

0 min read

দল চাই নহয় প্ৰাৰ্থী চাই ভোট দিব জুৰিয়া তেলিয়া বেবেজীয়া ৰাইজে ৷
নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়া তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়ত এইবাৰ কাৰ হাতলৈ যাব তাক লৈ সকলোৰে মাজত চলিছে চিন্তা চৰ্চা ৷ জুৰিয়াৰ একমাত্ৰ অসমীয়া গাওঁ খনত কোনে মাৰিব শেষ হাঁহি ৷ বিজেপি আৰু অগপৰ মাজৰ যুজ খনে বাৰুকৈয়ে বিপাঙত পেলাইছে ভোটাৰ ৰাইজক ৷ বিজেপি দলৰ পৰা পোনপ্ৰথম বাৰৰ বাবে মণিশা ভূঞা বৰা আৰু প্ৰতি বছৰে নিৰ্বাচন খেলি তৃতীয় , চতুৰ্থ স্থান লাভ কৰি অহা নিতুল শইকীয়াই পুনৰ বাৰ সভাপতি পদৰ বাবে নিৰ্বাচনত নামিছে ৷ নিৰ্দলীয় প্ৰাৰ্থী আছে যদিও গা কৰি উঠিব পৰা নাই তেওঁলোকে ৷ সন্মানীয় পঞ্চায়তটোত ৰাইজে এইবাৰ মহিলা প্ৰাৰ্থীক বিচৰা নাই যোৱা পাচটা বছৰ মহিলা হোৱাৰ বাবেই বহু পিছপৰি থাকিব লগা হল পঞ্চায়তটো ৷ গতিকে কংগ্ৰেছ দল বুলি নহয় ছাত্ৰ নেতা তথা এজন সমাজ কৰ্মী হিচাপে চন্দ্ৰ গুপ্ত বৰাকেই আদৰি লোৱা দেখা গৈছে ৷ ৬০ ৰ উদ্ধৰ পুৰুষ মহিলা ওলাই আহিছে তেওঁৰ হৈ ভোট বিচাৰি ৷ সকলোৰে আশা যুৱ নেতা তথা সমাজ কৰ্মী চন্দ্ৰ গুপ্ত বৰা ই মাৰিব শেষ হাঁহি ৷ সদায় স্পষ্ট বাদী চন্দ্ৰ গুপ্ত বৰা শিল্পী হিচাপেও ৰাইজৰ মাজত জনপ্ৰিয়তা আছে ৷ নাটক , ভাওনা আদিত অভিনয়ৰে ৰাইজৰ মন জয় কৰা চন্দ্ৰ গুপ্ত বৰাৰ মন তেলিয়া বেবেজীয়া বাসী ৰাইজে জয় কৰাব নে নাই সময়েহে কব ৷

জুৰিয়াৰ পৰ পদুম ভূঞা

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author