চৰ-চাপৰিৰ লোকৰ বাবে লাগে OBC ৰ স্বীকৃতি

চৰ-চাপৰিৰ লোকৰ বাবে লাগে OBC ৰ স্বীকৃতি

এইবাৰ চৰ চাপৰিত বসবাস কৰি অহা লোক সকলক অন্যান্য পিছপৰা শ্ৰেণী (অ’ বি চি) ত অন্তৰ্ভুক্ত কৰাৰ দাবী উঠিছে । কোনো ৰাজনৈতিক মঞ্চত এই দাবী উত্থাপিত হোৱা নাই । উত্থাপন হৈছে সংসদত । স্বাভাৱিকতে এনে দাবীয়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

চৰ-চাপৰিৰ লোকৰ OBC ৰ স্বীকৃতি বিচাৰিছে কোনে

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে বিগত ১৭ আগষ্টত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । য’ত অসমৰ চৰ চাপৰি সমূহত বসবাস কৰি অহা লোকসকলৰ দুৰ্দশাপূৰ্ণ জীৱনৰ এক আভাস দাঙি ধৰি তেওঁলোকক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ।

ইতিমধ্যে সাংসদ গৰাকীৰ এই পত্ৰ প্ৰাপ্তি স্বীকাৰো কৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে । সাংসদ খালেকলৈ দিয়া এখন পত্ৰত মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰে উল্লেখ কৰিছে যে, বিষয়টো বিবেচনাৰ বাবে ইতিমধ্যে বিভাগীয় মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হৈছে ।

মনকৰিবলগীয়া যে, যদিওবা সাংসদ গৰাকীয়ে নৈপৰীয়া বা চৰ-চাপৰিত বসবাস কৰা লোকৰ বাবে এই দাবী উত্থাপন কৰিছে কিন্তু এই কথা নকলেও চলে যে, আজিৰ তাৰিখত চৰ চাপৰিত বাস কৰি অহা লোকৰ বেছিভাগেই হৈছে সন্দেহজনক নাগৰিক বুলি অভিযোগ উত্থাপন আহিছে ।

Shahnawaz Hamza

Related