Advertisement

ছয়মাইলত পাইপ ফুটি খোৱাপানী অপচয়

ছয়মাইলত পাইপ ফুটি খোৱাপানী অপচয়

যি সময়ত এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে জি এম চি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ বাবে শ শ লিটাৰ পানী অপচয় হৈছে৷ দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ ফুটি ৰাজপথ কদর্য কৰাৰ লগতে শ শ লিটাৰ বিশুদ্ধ খোৱাপানী অপচয় হোৱাৰ পিছতো বিভাগীয় কর্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱা নাই৷

বিশেষকৈ মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ সমীপত পথৰ দাঁতিত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ ফুটি যোৱা প্রায় ডেৰ বছৰ ধৰি শ শ লিটাৰ পানী অপচয় হোৱা পৰিলক্ষিত হৈছে৷

একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে, দিনে–নিশাই ফুটা পাইপেৰে পানী ওলাই ৰাজপথ কদর্য কৰিছে৷ ছয়মাইল উৰণীয়া সেতুৰ তলৰ একাংশ ব্যৱসায়ীয়ে ফুটা পাইপৰ পানী সংগ্রহ কৰি পান কৰাৰ লগতে অন্যান্য কামত ব্যৱহাৰ কৰি আহিছে৷ অৱশ্যে ফুটা পানীৰ পাইপ যাতে বিভাগীয় কর্তৃপক্ষৰ দৃষ্টিগোচৰ নহয়, তাৰ বাবে একাংশ অসাধু লোকে ফুটা পাইপডাল ইটা আৰু পেপাৰেৰে ঢাকি ৰাখিছে৷ এইক্ষেত্রত স্থানীয় লোকে বিভাগীয় কর্তৃপক্ষক বাৰম্বাৰ জনাই অহাৰ পিছতো বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷

ইপিনে, ছয়মাইল উৰণীয়া সেতুৰ তলৰ মাছৰ বজাৰৰ লেতেৰা পানী ওলাই যোৱাৰ সু–ব্যৱস্থা নথকাৰ বাবে ব্যৱসায়ীসকলে বাচনেৰে সিঁচি ৰাজপথত পেলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷

Shahnawaz Hamza

Related