28 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

“আইন উলংঘা নকৰিব, বেদখল এৰি নিজ নিজ স্থানলৈ ঘূৰি যাওকঃ” মন্ত্ৰী পীযুষ হাজৰীকা

Assamese News“আইন উলংঘা নকৰিব, বেদখল এৰি নিজ নিজ স্থানলৈ ঘূৰি যাওকঃ” মন্ত্ৰী পীযুষ হাজৰীকা

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই আজি ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহাল আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ উপস্থিতিত ঢেকীয়াজুলিত শোণিতপুৰ জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে সমষ্টি দুটাৰ উন্নয়ন বিষয়ক এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় ।
বিশেষকৈ ঢেকীয়াজুলি আৰু বৰচলা সমষ্টিত চলি থকা চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাৰ্যসমূহ এই বৈঠকতে আলোচনা কৰা হয় ।

বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাতত সাংবাদিকে বেদখল সংক্ৰান্তীয় এক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ভূমি বেদখল কৰি থকাটো গ্ৰহণযোগ্য কথা কেতিয়াও নহয় । চৰকাৰী মাটি বেদখল কৰি থকাটো আইন উলংঘাজনিত ঘটনা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে অবৈধ বেদখলৰ বিৰুদ্ধে সদায় পদক্ষেপ লৈ আহিছে আৰু ভৱিষ্যতেও লৈ থাকিব ।

আনহাতে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি অহা ব্যক্তিসকলক মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ নিজ নিজ স্থানলৈ ঘূৰি যাবলৈও আহ্বান জনায় । অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰা হ’ব নেকি বুলি সাংবাদিকে কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ভূমি বেদখল কৰাটো আইন উলংঘাজনিত ঘটনা আৰু এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে আইনমতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!