আমি বিজেপিক বিদায় দিম: বদৰুদ্দিন আজমল

1 min read

‘বিজেপিয়ে কৈ আছে কংগ্ৰেছ–এআইইউডিএফ বিদায় ল’ব। কংগ্ৰেছে কৈ আছে এআইইউডিএফ বিদায় ল’ব; তাৰপিছত বিজেপি বিদায় ল’ব। কিন্তু আমি এআইইউডিএফে কোৱা নাই অসমৰ পৰা বিজেপি বিদায় ল’ব। আমি বিজেপিক বিদায় দিম। অসমক বিজেপিৰ পৰা মুক্ত কৰিব লাগিব।’’ এই ভাষ্য এআইইউডিএফ নেতা তথা ধুবুৰীৰ স্থানীয় সাংসদ বদৰুদ্দিন আজমলৰ।

আজি ধুবুৰীৰ নিউমাৰ্কেটস্থিত বাসগৃহত এক সংবাদমেলত এই মন্তব্য কৰে সাংসদ আজমলে। সংবাদমেলত সাংবাদিকে ৰাজ্যৰ সাম্প্ৰতিক উপনিৰ্বাচনত এআইইউডিএফৰ ফলাফল সন্দৰ্ভত মন্তব্য বিছাৰাত নিজৰ দলৰ শোচনীয়া পৰাজয়ৰ বিষয়টো এৰাই চলিবলৈ প্ৰয়াস কৰা দেখা যায় সাংসদগৰাকীয়ে। তেখেতৰ মন্তব্য- ‘চাওক নিৰ্বাচন আহিলে কোনোবাই হাৰে, কোনোবাই জিকে। কোনোবাই বেছি ভোট পায়, কোনোবাই কম ভোট পায়। এনেকুৱা হৈ থাকে, হ’বই এইটো। ডাঙৰ ডাঙৰ দলৰ মহা গোটবন্ধন হৈছিল উত্তৰ প্ৰদেশত। অখিলেশ যাদৱ, ৰাহুল গান্ধী –চবে মিলি ইমান ডাঙৰ ডাঙৰ প্ৰোগ্ৰাম কৰিলে। কি হ’ল? বিহাৰত মহা গোটবন্ধন কৰিছে। কি হ’ল?’’

আনহাতে সম্প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আহিবলৈ বিৰোধীৰ ১৫গৰাকী বিধায়ক সাজু বুলি কোৱা তালিকাত এআইইউডিএফৰ দলৰো কোনো বিধায়ক আছে নেকি বুলি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সেয়া পোনছাটেই নাকচ কৰা কৰে বদৰুদ্দিন আজমলে। তেখেতৰ দাবী – এআইইউডিএফৰ এজনো বিধায়ক নাযায় বিজেপিলৈ। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হ’ক বিজেপিত যোগদান কৰাৰ কথাটো অসম্ভব বুলিও কয় তেখেতে।

ইপিনে সম্প্ৰতি দক্ষিণ শালমাৰা বিধায়ক তথা কংগ্ৰেছী নেতা ৱাজেদ আলীয়ে এআইইউডিএফ দল দূৰ্বল হৈ পৰা বুলি কৰা মন্তৱ্যৰ ওপৰত শুধা এক প্ৰশ্নৰ উত্তৰত আজমলে আমি এইবাৰ তেখেতক আমি জিকাইছোঁ বুলি কয়। লগতে ৱাজেদ আলীক কটাক্ষ তেখেতৰ, ‘আপুনি কংগ্ৰেছ এৰি আমাৰ দলত যোগ দিয়ক।’’ সংবাদমেলখনত ধুবুৰীৰ উন্নয়ন সন্দৰ্ভত এক খতিয়ান দাঙি ধৰা পোৱা যায় আজমলে। তেখেতৰ দাৱী –ৰূপচী বিমানবন্দৰ, ধুবুৰী- ফুলবাৰী দলং, ধুবুৰী জাহাজ ঘাট আদিৰ কাম এআইইউডিএফে কৰিছে।

You May Also Like

More From Author