22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মোদী

Assamese Newsমেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নাগালেণ্ড আৰু মেঘালয়ত মঙলবাৰে আৰু ত্ৰিপুৰাত বুধবাৰে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।
নাগালেণ্ডত নতুন চৰকাৰ গঠনৰ নেচনেলিষ্ট ডেম’ক্রেটিক প্রগ্রেছিভ পার্টী, এন ডি পি পিৰ নেতা নেইফিউ ৰিঅ’ আৰু অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই পূর্বে দেওবাৰে নতুন দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতা সকলক সাক্ষাৎ‍ কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে, ড° শৰ্মা আৰু ৰিঅ’ই দেওবাৰে সন্ধিয়াৰ ভাগলৈ দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নেইফিউ ৰিঅ’ এন ডি পি পি- বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। এন ডি পি পি আৰু মিত্ৰদল বিজেপিয়ে এইবাৰৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত ৬০ আসনৰ ভিতৰত ৩৭ খনত জয়লাভ কৰিছে। এন ডি পি পিয়ে ২৫ খন আসন দখল কৰাৰ বিপৰীতে বিজেপিয়ে ১২ খন আসনত বিজয় সাব্যস্ত কৰিছে।
মেঘালয় বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ সোমবাৰে পুৱা শ্বিলঙত বৈঠক অনুষ্ঠিত হব। এন পি পিৰ মুৰববী কনৰাড কে চাংমাই নতুন চৰকাৰ গঠনৰ বাবে কাম কৰি আছে। তেওঁ মঙলবাৰে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে। শ্ৰীচাংমাই ৬০ জনীয়া বিধানসভাত ৩২ গৰাকী বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰিছে। ইয়াৰ ভিতৰত ২৬ গৰাকী এন পি পি আৰু বিজেপি আৰু এইছ এছ পি ডি পিৰ দুগৰাকীকৈ সদস্য আছে। ইয়াৰ উপৰি দুগৰাকী নির্দলীয় সদস্যইও সমর্থন আগবঢ়োৱা বুলি ছাংমাই দাবী কৰিছে। আমাৰ সংবাদদাতাই জনাইছে যে, বিজেপিয়ে দলৰ দুয়োগৰাকী সদস্যই কনৰাড চাংমাৰ চৰকাৰৰ স্থান লাভ কৰিব বুলি আশা প্রকাশ কৰিছে। সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ ৰাজ্যিক সভাপতি আৰ্ণেষ্ট মাৱৰীয়ে কয় যে, দলৰ দুয়োগৰাকী বিধায়ক যথেষ্ট জ্যেষ্ঠ আৰু তেওঁলোকে যোৱাবাৰৰ চৰকাৰতো মন্ত্ৰী আছিল। শ্ৰীমাৱৰীয়ে কয় যে, তেওঁলোকক মন্ত্রীসভাত পুনৰ অন্তৰ্ভুক্ত কৰিলে দল নথৈ আনন্দিত হব। ত্ৰিপুৰাত ভাৰতীয় জনতা পাৰ্টীৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ৮ মাৰ্চত একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাজ্যৰ ৬০ জনীয়া বিধানসভা নিৰ্বাচনত বিজেপি-আই পি এফ টি মিত্রজোঁটে ৩২ খন আসন দখল কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!