26.6 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ৰ’নাল্ডোৰে যৌন সম্পর্কৰ অভিযোগ ছিলিৰ মোহময়ী মডেলৰ

Assamese Newsৰ’নাল্ডোৰে যৌন সম্পর্কৰ অভিযোগ ছিলিৰ মোহময়ী মডেলৰ

ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ সৈতে যৌন সম্পর্ক হোৱা বুলি দাবী কৰিছে ছিলিৰ মডেল ডেনিয়েলা ছাভেচে৷ তেওঁৰ হাতত হেনো এই ঘটনাৰ ভিডিঅ’ও আছে৷ আনকি লিঅ’নেল মেছিৰ বিৰুদ্ধেও অভিযোগ আনিছে ডেনিয়েলাই৷ পোনপটীয়াকৈ মেছিৰ নাম নক’লেও ইংগিতেৰে তেওঁ দাবী কৰিছে অন্য এগৰাকী মহিলাৰ সৈতে সম্পর্ক আছিল লিঅ’ৰ৷

টুইটত নিজৰ কথা ব্যক্ত কৰিছে ডেনিয়েলাই৷ সেই টুইটত ৰ’নাল্ডোকো টেগ কৰিছে তেওঁ৷ ডেনিয়েলাই লিখিছে– যদি নিজৰ সংগীৰ বাহিৰে আন পুৰুষৰ সৈতে যৌন সম্পর্ক হয়, যি উদাৰ মানসিকতাৰ আৰু তেওঁৰ কোনো দাবী নাই, তেনেহ’লে তাক প্রতাৰণা বুলি ক’ব নোৱাৰি৷ এয়া কেৱল যৌন সম্পর্কৰ বাহিৰে আন একো নহয়৷ ৰ’নাল্ডোৰ সৈতে মোৰ যৌন সম্পর্ক হৈছে৷ অৱশ্যে কেতিয়া আৰু কি পৰিস্থিতিত এই সম্পর্ক হৈছিল, সেই বিষয়ে স্পষ্টকৈ লিখা নাই ডেনিয়েলাই৷

অৱশ্যে তেওঁ জনাইছে যে ৰ’নাল্ডোৰ সৈতে কটোৱা বিশেষ মুহূর্তৰ ভিডিঅ’ তেওঁৰ হাতত আছে৷ কিন্তু সেই ভিডিঅ’ তেওঁ কাকো দেখুৱাব বিচৰা নাই৷ কাৰণ প্রত্যেকৰে জীৱনৰ গোপনীয়তা থাকে৷ ডেনিয়েলাই লগতে কয় যে তেওঁ এনে এগৰাকী মহিলাক চিনি পায়, যাৰ সৈতে আর্জেণ্টিনাৰ বিখ্যাত ১০ নম্বৰ জার্ছীধাৰীৰ প্রেমৰ সম্পর্ক আছে৷ জার্ছী নম্বৰ উল্লেখ কৰি তেওঁ নিশ্চিতভাৱেই মেছিৰ কথা ক’ব বিচাৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!