ডালিমৰ বাকলিৰ এনেদৰে ব্যৱহাৰ কৰাটো ছালৰ বাবে উপকাৰী!

1 min read

ছালত ডালিমৰ বাকলি ব্যৱহাৰ কৰি সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা হাত সাৰিব পাৰি। ৰ’দত ওলোৱাৰ আগতে যিমানেই ক্ৰীম, লোচন বা এচেন্সিয়েল অইল লগাওক তাতেই ডালিমৰ বাকলিৰ গুড়ি লগাব লাগে। ই কেৱল প্ৰবল ৰ’দৰ পৰা সুৰক্ষা প্ৰদান কৰাই নহয়, ছালৰ টেনিং আৰু ৰ’দত পোৰা সমস্যাও কম কৰে।

ডালিমৰ বাকলিয়ে ছালৰ বাবে এক উত্তম মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰিব পাৰে। ডালিমৰ বাকলিত উপস্থিত থকা এলাজিক এচিডে ছালৰ পি এইচ লেভেলৰ ভাৰসাম্য ৰক্ষা কৰি মইশ্ব’ৰাইজাৰটো লক কৰাত সহায় কৰে। ডালিমৰ বাকলিখিনি ৰ’দত শুকুৱাই গুড়ি কৰি ল’ব। এতিয়া ২ চামুচ পাউদাৰত অলপ গোলাপ জল মিহলাই পেষ্ট বনাই ছালত লগাওক। ১০ মিনিটৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুব লাগে।

এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-অক্সিডেন্ট উপাদান থকা ডালিমৰ বাকলিৰ ফেচপেকেও ছালৰ মৃত কোষ আঁতৰাই পিম্পল, ব্ৰণ আৰু দাগ আঁতৰোৱাত ফলপ্ৰসূ। ইয়াৰ বাবে এচেনছিয়েল তেল, দৈ আৰু গোলাপ জল মিহলাই ডালিমৰ বাকলিৰ পৰা তৈয়াৰী গুড়িত মিহলাই মুখত লগাব লাগে আৰু শুকোৱাৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুব লাগে।

ধূলি, মলি আৰু ঘামৰ ফলত ছালৰ ছিদ্ৰবোৰ খোলা আৰম্ভ হয়। এনে অৱস্থাত ডালিমৰ বাকলিৰ ফেচ পেক ছালৰ ছিদ্ৰ কমোৱাত সহায়ক হয়। ইয়াৰ বাবে ডালিমৰ বাকলিৰ পৰা বনোৱা গুড়িত দৈ, গোলাপ জল আৰু এচেনছিয়েল তেল মিহলাই পেষ্ট বনাব। এতিয়া ছালত লগাওক আৰু শুকুৱাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক।

You May Also Like

More From Author