Advertisement

পৰ্বতঝোৰাত হৰিণা পশু উদ্ধাৰ।

পৰ্বতঝোৰাত হৰিণা পশু উদ্ধাৰ।

পৰ্বতঝোৰাৰ খুটাবাগৰাত উদ্ধাৰ হৰিণা পশু।

পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ অন্তৰ্গত খুটাবাগৰা গাঁওত কাহেলী পুৱাত এটা হৰিণা পশু উদ্ধাৰ কৰে বন বিভাগে ।

পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ বন সুৰক্ষা বাহিনীৰ বিষয়া ৰাজীৱ দত্তৰ নেতৃত্ব এটা বন সুৰক্ষা দলে খুটাবাগৰা গাঁওৰ পৰা উদ্ধাৰ কৰে হৰিণা পশুটো।

জানিব পৰা মতে উক্ত হৰিণা পশুটো মদাতি পাহাৰৰ পৰা শিলাইপাৰ নদীৰ সাতৰি পাৰ হৈ খুটাবাগৰ গাঁওত অহাত ৰাইজৰ মাজত হোৱাধুৱা লগাত হৰিণাটো ক্লান্ত আৰু বেহুচ হোৱাত বন সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰি কোকৰাঝাৰ চৰাইখোলা ৰেছকুই কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

সাপটগ্ৰামৰ পৰা লাতিফুল ইছলামৰ ৰিপোৰ্ট।

Shahnawaz Hamza

Related