লামডিঙত অনুষ্ঠিত হয় অল অসম পাৱাৰ লিফটিং আৰু আৰ্ম ৰেছলিং

1 min read

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰীত লামডিঙত এখনি ক্ৰিয়া প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ হোজাই জিলাৰ শক্তি উত্তোলন সন্থা আৰু লামডিঙ লিঅপাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰেলৱে ইনষ্টিটিউটত আজি অসম ভিত্তিত শক্তি উত্তোলন আৰু পাঞ্জাৰ এখনি প্ৰতিযোগিতা আয়োজন কৰে ৷উক্ত প্ৰতিযোগিতা খনত হোজাই, শিৱসাগৰ, বাক্সা ,নগাঁও, গুৱাহাটী কে ধৰি অসমৰ মুঠ সাতখন জিলাৰ প্ৰতিযোগি সকলে অংশগ্ৰহন কৰে ৷ শক্তি উত্তোলন আৰু পাঞ্জা ক্ৰিয়া প্ৰতিযোগিতা খনৰ বিভিন্ন বিভাগত পুৰুষ মহিলাই অংশগ্ৰহন কৰে ৷ মহিলা পুৰুষ সহ ৭০ৰো অধিক খেলুৱে ভাগ লয় এই প্ৰতিযোগিতাখনত ৷ বিগত বাৰ বছৰৰো অধিক সময়ছোৱা পাৰ হোৱাৰ পিছত পুনৰবাৰ আজি লামডিঙত শক্তি উত্তোলনৰ ক্ষেত্ৰত লামডিঙ অসম ভিত্তিত শক্তি উত্তোলনৰ লগতে পাঞ্জা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত খেলুৱৈ লগতে লামডিঙৰ ৰাইজো উৎফুলিত হৈ পৰা পৰিলক্ষিত হয় ৷ আজি প্ৰতিযোগিতাখনৰ বিচাৰক তথা নিৰিক্ষনকাৰী ৰেফাৰি হিচাপে থাকে অসম ক্ৰিয়া শক্তি উত্তোলন সন্থাৰ নেতৃবৃন্দ ৷

প্ৰতিযোগিতাখনত শক্তি উত্তোলন STRONG MAN খিতাপ অৰ্জন কৰে কামৰূপৰ আদিত্য জ্যোতি শইকীয়াই আৰু মহিলাৰ শাখাত STRONG WOMEN খিতাপ অৰ্জন কৰে লামডিঙৰ ৰিয়া ওৰফে বেবী সাহাই ৷ আনফালে পাঞ্জা প্ৰতিযোগিতা STRONG MAN খিতাপ অৰ্জন কৰে গুৱাহাটীৰ বিশ্বজিৎ দলে আৰু মহিলা শাখাত STRONG WOMAN খিতাপ অৰ্জন কৰে নগাওঁৰ কাশ্মিৰী কাশ্যপে খিতাপ অৰ্জন কৰা খেলুৱৈ সকলৰ লগতে বিভিন্ন বিভাগত অংশগ্ৰহন কৰি প্ৰথম দ্বিতীয় বিভাগত জয় লাভ কৰা প্ৰতিযোগী সকলকো নগদ ধনসহ মেডেল আৰু পুৰস্কাৰ প্ৰদান কৰে ৷

You May Also Like

More From Author