মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত গোলাঘাটত জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত গোলাঘাটত জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ
অসমৰ বিভিন্ন জলন্ত সমস্যাৰাজি সমাধানৰ দাবীত শুকুৰবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদে অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । অসম নাগালেণ্ডৰ সমস্যা সমাধান কৰা, ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰা, বিদ্যুৎ বিলৰ সমস্যা সমাধান কৰা, ৰঙাজানৰ টোলগেট নিৰ্মাণৰ কাম বন্ধ কৰা আদি বিভিন্ন দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিষদে বি জে পি চৰকাৰ গ’বেক, মুখ্যমন্ত্ৰী হাই হাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । তেওঁলোকে চৰকাৰক শীঘ্ৰে এই দাবীসমূহ মানি নল’লে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

Desk Editor

Related