নগাঁৱৰ চামগুৰিত পথ মেৰামতি বা পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

1 min read

নগাঁও জিলাৰ চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী আৰু কঁঠালগুৰিৰ সংযোগী মূল পথটো বিগত বহুদিন ধৰি বিধ্বস্ত হৈ পৰিছে । যাৰ ফলত আজি স্থানীয় ৰাইজে পথটো মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত বহু দিন ধৰি চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী আৰু কঁঠালগুৰি সংযোগী গড়কাপ্তানী বিভাগৰ পথটোৰ জৰাজীৰ্ণ অৱস্থা হোৱাত বৃহত্তৰ অঞ্চলসমুহৰ ৰাইজে জলাকলা খাব লগাত পৰিছে ৷ আজি স্থানীয় কেইবা শতাধিক পুৰুষ-মহিলা আৰু যুৱক-যুৱতী সকলে উক্ত পথটো মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ লগতে গড়কাপ্তানী বিভাগৰ ওচৰত দাবী জনাই এক বিশাল প্ৰতিবাদী সমদল কৰাৰ লগতে পথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী আৰু কঁঠালগুৰি সংযোগী মূল গুৰুত্বপূৰ্ণ উক্ত পথটো ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত বিধ্বস্ত হৈ পৰিছে বুলি অভিযোগ কৰে ৷

ডাম্পাৰেৰে অধিকমাত্ৰা শিল কঢ়িয়াই নিয়াৰ ফলত পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে জৰাজীৰ্ণ হৈ পৰিছে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে ৷ উল্লেখ্য যে বৰজুৰি পাৰ্কুপ পাহাৰ কঁঠালগুৰি আদিকে ধৰি বিভিন্ন অঞ্চলত থকা সৰু বৰ শিলৰ মহলৰ পৰা বিভিন্ন ক্ৰেচাৰ মেচিনসমূহলৈ সৰবৰাহ কৰা শিলভৰ্তি ডাম্পাৰ আৰু ট্ৰাক চলাচল কৰি উক্ত পথটো জৰাজীৰ্ণ কৰিছে ৷ যাৰ ফলত পথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত পৰি প্ৰায়েই বহুলোক দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হ’ব লগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে ৷ লগতে উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চামগুৰি স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে অহা-যোৱা কৰা ৰোগীসকলেও জলাকলা খাব লগাত পৰিছে বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে ৷ বিগত দিনত স্থানীয় ভুক্তভোগী ৰাইজৰ লগতে বিভিন্ন সংগঠনে উক্ত পথটোত অধিকমাত্ৰা শিলভৰ্তি ডাম্পাৰ চলাচল বন্ধ কৰিবলৈ বিভাগীয় ওচৰত দাবী জনাই আহিছিল যদিও কোনো সুফল লাভ নকৰিলে ৷ লগতে পথটো মেৰামতি বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা বিভাগীয়ৰ ওচৰত আবেদন- নিবেদন কৰি আহিছিল যদি বৰ্তমানলৈকে কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰিছে ৷ বিভাগীয় কৰ্তৃপক্ষৰ লগতে ডাম্পাৰ আৰু ক্ৰেচাৰ মালিকসকলে ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব নিদিয়াৰ ভুক্তভোগী প্ৰতিবাদকাৰী সকলে অভিযোগ কৰাৰ লগতে অতি শীঘ্ৰে উক্ত জৰাজীৰ্ণ পথটো মেৰামতি বা পুনৰ নিৰ্মাণ নকৰা পৰ্যন্ত শিলভৰ্তি ডাম্পাৰ চলাচল নিষিদ্ধ কৰাৰ লগতে অনিৰ্দিষ্ট কাললৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত ৰক্ষা হ’ব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰিছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author