23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

ছবিগৃহত সোনকালে আহি আছে ৰাঘৱ!

Assamese Newsছবিগৃহত সোনকালে আহি আছে ৰাঘৱ!

দুমাহযোৰা কাৰ্যসূচীৰে দৃশ্যগ্ৰহণ আৰম্ভ কৰা বহু প্ৰতীক্ষিত ছবি ‘ৰাঘৱ’ৰ দৃশ্যগ্ৰহণৰ কাম হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটি ষ্টুডিঅ’ত সমাপ্ত হৈ যায় ৷ ৰত্নাকৰৰ অকল্পনীয় সাফল্যৰ পাছত জে বি প্ৰডাকচনৰ বেনাৰত পুনৰ দৰ্শকৰ মাজলৈ আহি আছে আন এখন বিগ বাজেটৰ নতুন অসমীয়া চলচ্ছিত্ৰ ‘ৰাঘৱ’৷ চৰম সংকটৰ মাজত চলি থকা অসমৰ চলচ্ছিত্ৰ উদ্যোগটোক জীপাল কৰি তোলা ছুপাৰহিট অসমীয়া ছবি ‘ৰত্নাকৰ’ৰ অভাৱনীয় সফলতাৰ পাছত জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছুপাৰষ্টাৰ যতীন বৰা অভিনীত, পৰিচালিত দ্বিতীয়খন বিগ বাজেটৰ ছবি হব ‘ৰাঘৱ’ ৷ ছবিখনৰ প্ৰযোজনা যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাৰ৷ দুখ-কষ্ট আৰু দুৰ্ভাগ্যৰে যুঁজি জীৱন সংগ্ৰামৰ এক নতুন অধ্যায় লিখা এজন যুৱকৰ প্ৰেম-বিৰহ, মৰম, ঘৃণা, ৰোমাঞ্চ, একশ্যনৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ অভিজিত ভট্টাচাৰ্যৰ৷ বিশাল পৰিসৰত নিৰ্মাণ কৰা ছবিখনত অৰ্দ্ধ শতাধিক অসমীয়া ছবিৰ জনপ্ৰিয় নায়ক যতীন বৰাই এজন ড্ৰাইভাৰৰ ৰূপত ভুমুকি মাৰিছে৷ কোনো ক্ষেত্ৰতে কোনোধৰণৰ আপোচ নকৰাকৈ উন্নত মান বিশিষ্ট ছবি এখন নিৰ্মাণ কৰি দৰ্শকক উপহাৰ দিয়াৰ সংকল্পৰে বিশাল ইউনিট আৰু ব্যয়বহুল প্ৰযোজনাৰে ২৯ অক্টোবৰত মহানগৰীৰ জ্যোতি চিত্ৰবনত দুমাহৰ কৰ্মসূচীৰে দৃশ্যগ্ৰহণ আৰম্ভ কৰা ছবিখনৰ গুৱাহাটী, মেঘালয় আৰু যোৰহাটৰ মনোমোহা লোকেশ্যনত দৃশ্যগ্ৰহণ সমাপ্ত হৈ যায়৷ অসমৰ দৃশ্যগ্ৰহণৰ কাম সামৰি চ্ছ ডিচেম্বৰৰ পৰা হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটি ষ্টুডিঅ’ত দৃশ্যগ্ৰহণ কৰা ৰাঘৱ টীমৰ দৃশ্যগ্ৰহণৰ কাম অলপতে সমাপ্ত হয় ৷ ‘ৰাঘৱ’ৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰী [ধন]য়ে৷ সাধাৰণতে দৰ্শকে ছবিৰ গীতাংশতহে লোকেশ্যন ভেৰিয়েশ্যন দেখিবলৈ পায়, কিন্তু ৰাঘৱত দৰ্শকে ড্ৰামাৰ দিশতো লোকেশ্যন ভেৰিয়েশ্যন দেখিবলৈ পাব৷ উল্লেখ্য যে, পোনপ্ৰথমবাৰৰ বাবে অসমৰ ছবিত অত্যাধুনিক ফেণ্টম কেমেৰা ব্যৱহাৰ কৰা হৈছে ৷ লগতে দক্ষিণ ভাৰতৰ বিখ্যাত একশ্যন ডাইৰেক্টৰ ৰাজেশ কন্ননৰ নেতৃত্বত দক্ষিণৰ ১৬ জনীয়া একশ্যন টীমে একশ্যন পৰিচালনা কৰা ‘ৰাঘৱ’ত বহুকেইটা শিহৰণকাৰী একশ্যনৰ দৃশ্যও দেখিবলৈ পোৱা যাব৷ য’ত এক নতুন ৰূপত ছুপাৰষ্টাৰ যতীন বৰাক দৰ্শকে বিচাৰি পাব৷ ইতিপূৰ্বে যতীন বৰাৰ প্ৰথম প্ৰযোজনা ৰত্নাকৰ ছবিখনটো ৰাজেশ কন্ননে একশ্যন পৰিচালনা কৰিছিল৷ উল্লেখ্য যে, জে বি প্ৰডাকচনৰ প্ৰথম প্ৰযোজনা ‘ৰত্নাকৰ’ ছবিখনে ৰাজ্যৰ সমূহ চিত্ৰগৃহৰ লগতে বাহিৰতো ব্যৱসায়িক সাফল্যত অভিলেখ স্থাপন কৰাৰ ক্ষেত্ৰত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীতকেইটিয়ে যথেষ্ট অৰিহণা আগবঢ়াইছিল৷ এইবাৰো ‘ৰাঘৱ’ৰ সংগীত পৰিচালনা কৰা জুবিন গাৰ্গৰ সংগীতে দৰ্শকক এক নতুন সোৱাদ দিব যে সেইটো খাটাং৷ চাৰিটা গীত সন্নিৱিষ্ট ছবিখনৰ গীতসমূহ লিখিছে জুবিন গাৰ্গ, দিগন্ত ভাৰতী আৰু ৰাহুল গৌতম শৰ্মাই ৷ গীতসমূহ কৰিঅ’গ্ৰাফ কৰিছে দীপক দে আৰু পংকজ ইংতিয়ে৷ বহুবছৰ বিৰতিৰ অন্তত ‘ৰাঘৱ’ৰ যোগেদি পুনৰ কেমেৰাৰ সন্মুখলৈ ঘূৰি আহিছে জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা৷ যতীন বৰাৰ উপৰিও ‘ৰাঘৱ’ৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, মন্মথ বৰুৱা, বিভূতিভূষণ হাজৰিকা, চিন্ময় কটকী, পৱিত্ৰ বৰুৱা, বিভাস সিনহা, ৰাজীৱ ৰাজনীশ, ডাঃ জয়ন্ত দাস, মিতালী বৈশ্য, অন্তৰীক্ষ চহৰীয়া, পংকজ বৰা, অৱতোষ ভূঞা, ৰূপম চক্ৰৱৰ্তী, মানস শৰ্মা, দ্বিজেন লহকৰ, নৱাগত অভিনেতা-অভিনেত্ৰীদ্বয় জীৱিতেশ মজুমদাৰ, অভিনেত্ৰী চুমি বৰা, শিশুশিল্পী নভম আশীষ গোস্বামী, নিয়ৰ দাস, মণীষ ভূঞা, প্ৰিয়াংক জ্যোতি কলিতা, আবৃত্তি বৰঠাকুৰৰ লগতে বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে৷ ব্যয়বহুল প্ৰযোজনাৰে নিৰ্মাণ হবলগা ছবিখন ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত মুক্তি দিয়া হ’ব বুলি প্ৰযোজক যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা শৰ্মা বৰাই আমাক জানিবলৈ দিয়ে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!