Advertisement

নগাঁৱৰ ৰহাত শিশু আৰু কামপুৰত কিশোৰীৰ শোকাবহ মৃত্যু

নগাঁৱৰ ৰহাত শিশু আৰু কামপুৰত কিশোৰীৰ শোকাবহ মৃত্যু

নগাঁও জিলাৰ ৰহা আৰু কামপুৰত সংঘটিত পৃথক শোকাবহ ঘটনাত দুটি শিশু আৰু এজনী কিশোৰীৰ মৃত্যু হয় । প্ৰাপ্ত বাতৰি মতে ৰহাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাগুৰগাঁৱৰ দীঘলিডুবাত এজনী কিশোৰীয়ে দুগৰাকী লগৰীয়াৰ সৈতে নাওঁ চলাই বাঢ়নী পানী ওচৰৰে পৰা আনিবলৈ যাওতেই অঘটনটি সংঘটিত হয় । স্থানীয় ৰাইজে পিছত পানীৰ মাজৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহটি উদ্ধাৰ কৰে । মৃত কিশোৰীগৰাকীক ফাটেমা খাতুন(১২) বুলি চিনাক্ত কৰা হৈছে । ইপিনে বঢ়মপুৰ বিধানসভা সমষ্টিৰ কামপুৰৰ সমীপৰ কচুৱাৰ চানখোলাত পানীত পৰি দুটি শিশুৰ মৃত্যু হয় ।

প্ৰাপ্ত বাতৰি মতে সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে বাঢ়নি পানীত পৰি যোৱাত দ্বিতীয় অঘটন সংঘটিত হয় । পৰৱৰ্তী সময়ত শিশু দুটিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত শিশু দুটিক চাইমা খাটুন (৮) আৰু জোনাইট আলম (৩) বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে ৰহা আৰু কামপুৰ অঞ্চলৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও সম্প্ৰতি পানী সম্পূৰ্ণ কমা নাই । কামপুৰত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে । ইয়াৰ ভিতৰত অধিকাংশই শিশু ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related