ৰাজস্থানত বিশ্ববিদ্যালয়ৰ হোষ্টেলত উদ্ধাৰ মেঘালয়ৰ ছাত্ৰীৰ মৃতদেহ
ৰাজস্থানৰ ছিকাৰৰ মোদী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ কোঠাৰ ভিতৰত মেঘালয় নংপোহৰ এগৰাকী ১৮ বছৰীয়া কিশোৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।
মৃত ৱালিণ্ডা বিনং নামৰ ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল।
সংবাদ মাধ্যমৰ আগত এগৰাকী তদন্তকাৰী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ‘ৱালিণ্ডাক ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছত আৰক্ষীক জনোৱা হৈছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, ৱালিণ্ডাৰ বান্ধৱীসকলে পুৱাৰ ব্ৰেকফাষ্টত তেওঁ উপস্থিত নোহোৱাৰ বাবে চিন্তিত হৈ পৰিছিল আৰু তেওঁৰ কোঠাৰ দুৱাৰত টোকৰ মৰাৰ পাছতো খোলা নাছিল। পাছত দুৱাৰ ভাঙি তেওঁক ওলমি থকা দেখিলে। বান্ধৱীসকলৰ মতে, তেওঁ অতি সজীৱ আছিল আৰু ডিপ্ৰেছন বা মানসিক চাপৰ কোনো লক্ষণ দেখা পোৱা নাছিল।”
বিষয়াগৰাকীয়ে লগতে কয়-‘মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালৰ সৈতেও শ্বেয়াৰ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি শ্বাসৰুদ্ধকৰ ফলত তেওঁৰ মৃত্যু হৈছে।’
অৱশ্যে মৃতকৰ পিতৃয়ে ছাত্ৰীগৰাকীৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰি আত্মহত্যা কৰা ঘটনাক খাৰিজ কৰিছে।
মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে নংপোহ আৰক্ষী থানাত গোচৰ ৰুজু কৰি ৰাজস্থানৰ লগতে মেঘালয়তো অধিক তদন্ত অব্যাহত আছে।