স্বাভাৱিক হ’বলৈ মোক সময় লাগিবঃ ৰাম কুমাৰ

0 min read

নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ জিম্মাত ১০৬টা দিন থাকি কেতিয়াবা অটব্য অৰণ্য অতিক্রম কৰি কেতিয়াবা সুউচ্চ পাহাৰ বগাই মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত হৈ পৰা কুইপ’ৰ ৰেডিঅ অফিচাৰ ৰাম কুমাৰে বিগত তিনিমাহ ষোল্ল দিনৰ ঘটনা প্রবাহ সহজে পাহৰিব নোৱাৰা বিষয় বুলি প্রকাশ কৰিলে৷

সোমবাৰে নিচেই পুৱা আলফাই মুকলি কৰি দিয়াৰ পাছত দীর্ঘ পদযাত্রাৰ অন্তত ম্যানমাৰ, নাগালেণ্ডৰ মাজেদি আহি চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ থানাত নৈশ যাপন কৰা কুমাৰে যোৱানিশা স্বাভাৱিক ৰূপত শুব নোৱাৰিলে৷ সন্ধিয়া দুখন ৰুটী আহাৰ হিচাপে গ্রহণ কৰি ওৰে নিশা সঘনাই টোপনিৰ পৰা তেওঁ উঠি–বহি সময় পাৰ কৰিলে৷

মঙলবাৰে পুৱা কুইপ’ৰ বেছ অফিচাৰ অনন্ত গগৈয়ে কুমাৰক সোণাৰিৰ পৰা দুলীয়াজানলৈ লৈ যোৱাৰ পূর্বে সোমবাৰে সোণাৰিলৈ অহা অৰুণাচলৰ চাংলাংস্থিত আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ লোকে উক্ত স্থানত অপহৰণ সম্পর্কীয় গোচৰ পঞ্জীয়ন হৈ থকা হেতু কুমাৰৰ ভাষ্য গ্রহণ কৰে৷

কালি কুমাৰক দুলীয়াজানৰ অইল ইণ্ডিয়াৰ গেষ্ট হাউছত নৈশ যাপনৰ বাবে ৰখাৰ পাছত আজি অইল ইণ্ডিয়া আৰু কুইপৰ যৌথ উদ্যোগত কুমাৰক নিৰাপত্তা ব্যৱস্থাৰ মাজেদি বিহাৰৰ খাগৰিয়াস্থিত বাসগৃহলৈ পৰিয়ালক সাক্ষাৎ কৰিবলৈ পঠিওৱা হ’ব বুলি অনন্ত গগৈয়ে জানিব দিয়ে৷

ইফালে জীয়াই থকা সন্দর্ভত সন্দিহান হৈ পৰা ৰাম কুমাৰে ১০৬ দিনীয়া অপহৰণ কালৰ সময়ছোৱাৰ বিষয়ে পুৱা সাংবাদিকে সোধাত তেওঁ কয় যে আলফাৰ জিম্মাত পাৰ কৰা সুদীর্ঘ সময়ছোৱাত তেওঁ আলফাৰ সদস্যৰ সৈতে খোজকাঢ়ি থাকোঁতেই বহুদিন অতিবাহিত হ’ল৷

অৰুণাচল, নাগালেণ্ড আৰু ম্যানমাৰৰ সুউচ্চ পাহাৰ আৰু হাবি–বন অতিক্রম কৰা সন্দর্ভত কুমাৰে কয় যে সঘন পদযাত্রাত হোৱা শৰীৰৰ বিষ বেদনা দূৰ কৰিবলৈ আলফা সদস্যই তেওঁক বিষ নিৰাময়ৰ ঔষধ খাবলৈ দিছিল৷ খোৱা, জিৰণি লোৱা আৰু যাত্রা সন্দর্ভত আলফা সদস্যসকলে বিচৰা মতে কুমাৰে সকলো কৰি গৈছিল৷

বিগত দিনকেইটাত হোৱা সকলো ঘটনাৰ বাবে স্বাভাৱিক হ’বলৈ তেওঁক কিছু দিন লাগিব বুলি কুমাৰে মন্তব্য কৰে৷

প্রায় পাঁচ বছৰ পূর্বে কুইপ’ৰ চাকৰিত যোগদান কৰা কুমাৰে পিতৃ–মাতৃ আৰু পত্নীসহ পুত্র–কন্যাক শীঘ্রে সাক্ষাৎ পোৱাৰ বাসনা এটা মনত সর্বদা পুহি ৰাখিছিল৷ বিহাৰৰ খাগৰিয়াস্থিত গৃহত ৰক্তৰ কর্কট ৰোগত আক্রান্ত কণমানি পুত্র আৰু তেওঁৰ উপার্জনৰ ওপৰত নির্ভৰশীল হৈ থকা পৰিয়ালটোৰ অৱস্থা কুমাৰৰ অবর্তমানত কি হ’ব তাকে লৈ সততে উদ্বিগ্ন হৈ পৰিছিল বুলি কুমাৰে জানিব দিয়ে৷ এনে প্রেক্ষাপটত অপহৰণৰ পৰা মুকলি কৰি দিয়াৰ বাবে আলফাৰ সর্বাধিনায়ক পৰেশ বৰুৱাক শত শত কৃতজ্ঞতা জ্ঞাপন কৰা বুলি কুমাৰে কয়৷

ইফালে আলফাই কুইপ’ প্রতিষ্ঠানত কর্মৰত দুই বিষয়াক অপহৰণ কৰি শেহতীয়াকৈ অগা–পিছাকৈ দুয়োগৰাকীকে সুস্থ শৰীৰে মোকলাই দিয়া বিষয়টোত গভীৰ আনন্দ প্রকাশ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে কুইপ’ৰ বেছ অফিচাৰ অনন্ত গগৈয়ে৷ গগৈয়ে দুই বিষয়াক নিৰাপদ মুক্তি দিয়া বিষয়টোত মধ্যস্থতা কৰা কৌশিক ফুকনকো ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰেশ বৰুৱাক সোঁশৰীৰে লগ পোৱা হ’লে গামোচা এখন পিন্ধাই কৃতজ্ঞতা প্রকাশ কৰিলোঁ হয় বুলি মত ব্যক্ত কৰিছে৷

You May Also Like

More From Author