ৰঙিয়া ৰেলৱে ষ্টেচনত প্ৰথমবাৰৰ বাবে মহিলা আত্মসহায়ক গোটৰ বিপনি মুকলি ।

ৰঙিয়া ৰেলৱে ষ্টেচনত প্ৰথমবাৰৰ বাবে মহিলা আত্মসহায়ক গোটৰ বিপনি মুকলি ।

আজি শুক্ৰবাৰে ৰঙিয়া ৰেল জংচনত এখন মহিলা আত্মসহায়ক গোটৰ বিপনি মুকলি কৰা হয় । ৰঙিয়া ৰেল ষ্টেচনৰ এক নম্বৰ প্লেট ফৰ্মত কামৰূপ জিলাৰ উপায়ুক্ত কৃতি জল্লীয়ে এই বিপনি খন আনুষ্ঠানিক ভাৱে মুকলি কৰে । স্থানীয় মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা এই বিপনি খন । বিপনি খনত উপলব্ধ হব হাতে বোৱা মেখেলা চাদৰ,গামোচা,জাপি,গৃহ সজ্জাৰ বিভিন্ন সামগ্ৰী, গৃহিনী সকলে নিজ হাতে বনোৱা লাৰু পিঠা আদি বিভিন্ন সামগ্ৰী । ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আৰম্ভ কৰা হয় এই বিপনি খন । আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মন,ৰঙিয়া ৰেল ষ্টেচনৰ অধীক্ষক মৃণ্ময় শৰ্মা ,ৰঙিয়া ৰেল সংমণ্ডলৰ মাণ্ডলীক বাণিজ্যিক প্ৰবন্ধক দীপাংকৰ গগৈ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰঙিয়া খণ্ড প্ৰকল্প বিষয়া সংযুক্তা ৰাজখোৱা আদিকে ধৰি বহু লোক ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

GTM Desk

Related