ৰণবীৰ সিং অতি সোনকালে হ’ব দেউতাক, এগৰাকী অভিনেত্ৰীৰ বাৰ্তাই ব্যাপক খলকনিৰ সৃষ্টি কৰিছে বলিউড জগতত

1 min read

ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতিৰূপে পৰিচিত। দুয়োগৰাকী তাৰকাক সকলো অনুষ্ঠানত প্ৰায়ে একেলগে দেখা যায়। কিন্তু বলীউডৰ এগৰাকী অভিনেত্রীৰ সামাজিক মাধ্যমৰ বাৰ্তাই বলীউড জগতৰ লগতে অনুৰাগীসকলৰ মাজতো ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।

বলীউডৰ অভিনেত্রী তথা প্ৰিয়ংকা চোপ্ৰাৰ ভগ্নী পৰিণীতি চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত পোষ্ট কৰি লিখিছল যে, ৰণবীৰ সিং দেউতাক হ’ব ওলাইছে নেকি! এই মন্তব্য দেখাৰ পিছতে বহুতো অনুৰাগীয়ে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ভাল খবৰ বৰ্ণনা কৰাৰ বাবে অপেক্ষা কৰি আছে। দুয়োকে অলপতে ৰণবীৰৰ মাতৃৰ জন্মদিন উপলক্ষে একেলগে দেখা পোৱা গৈছিল।

আনহাতে, ৰণবীৰৰ দেউতাক হোৱাৰ বাৰ্তাটোৱে এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈ পৰিছে। কিন্তু ৰণবীৰ সিং আৰু দীপিকা পাডুকোনে বৰ্তমানলৈ এই বিষয়ে কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই। ইপিনে, অনুৰাগীসকলে ৰণবীৰৰ দেউতাক হোৱাৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে। সেয়েহে সামাজিক মাধ্যমত এটা বাৰ্তা চৰ্চাৰ আওতালৈ আহিছে। পৰিণীতি চোপ্ৰাই ইনষ্টাগ্ৰাম একাউণ্টত বাৰ্তাটো শ্বেয়াৰ কৰি বিষয়টোৰ সন্দৰ্ভত ৰণবীৰ সিঙক নিজেই উত্তৰ দিয়াটো বিচাৰিছিল।

দীপিকা পাডুকনক শেহতীয়াকৈ গৰ্ভৱতী হোৱা বুলিও অনুমান কৰা হৈছিল। দীপিকাৰ ডাঙৰ আকাৰৰ কাপোৰ পিন্ধাৰ লগতে ৰণবীৰে চিকিৎসালয়লৈ যোৱাৰ বাবে অনুৰাগীসকলৰ মনলৈ আহিছিল যে দীপিকা আৰু ৰণবীৰ সোনকালেই পিতৃ-মাতৃ হ’বলৈ গৈ আছে। এতিয়া পৰিণীতিৰ বাৰ্তাটোৱে দীপিকা মা হ’বলৈ ওলোৱা সন্দেহজনক বিষয়টোক আৰু অধিক নিশ্চয়তাৰ প্ৰমাণ দিছে।

You May Also Like

More From Author