21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

হায় নিৰাপত্তা : দেৰগাঁৱৰ প্রশিক্ষণ শিবিৰত মহিলা আৰক্ষীক ধৰ্ষণ জোৱানৰ

Assamese Newsহায় নিৰাপত্তা : দেৰগাঁৱৰ প্রশিক্ষণ শিবিৰত মহিলা আৰক্ষীক ধৰ্ষণ জোৱানৰ

আৰক্ষীৰ বেষ্টনীৰ চাৰি বেৰৰ মাজতে সুৰক্ষিত নহয় মহিলা আৰক্ষী৷ যি সময়ত ৰাজ্যত মহিলাৰ সুৰক্ষা সন্দর্ভত বিভিন্ন প্রশ্ণ উত্থাপন হৈছে, সেই সময়তে আৰক্ষীৰ প্রশিক্ষণস্থলীতে মহিলা আৰক্ষী ধর্ষিতা হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ স্বয়ং মহিলা আৰক্ষীয়ে ধর্ষণৰ বলি হোৱা ঘটনাই এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ অসম আৰক্ষীক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ শিবিৰত৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২২ ফেব্রুৱাৰীত আৰক্ষী প্রশিক্ষণস্থলী প্রশিক্ষণৰত মহিলা আৰক্ষী এগৰাকী অসুস্থ হৈ পৰাত কেন্দ্রীয় চিকিৎসালয়লৈ প্রেৰণ কৰে৷ অসুস্থ আৰক্ষীগৰাকীৰ সহযোগী হিচাপে দাস উপাধিৰ এগৰাকী মহিলা আৰক্ষীক লগত প্রেৰণ কৰা হয়৷ নিশা অসুস্থ মহিলা আৰক্ষীগৰাকীক গৰম পানীৰ প্রয়োজন হোৱাত দাস উপাধিৰ মহিলা আৰক্ষীগৰাকীয়ে কাষৰ ৰুমত গৰম পানীৰ ব্যৱস্থা কৰিবলৈ যায়৷ সেই সময়তে নিশা চিকিৎসালয়খনত কর্মৰত নৱম আৰক্ষী বাহিনীৰ কনিষ্টবল বাবুল ভূঞাই গৰম পানী কৰা কোঠাত প্রৱেশ কৰি মহিলা আৰক্ষীগৰাকীক উপর্যুপৰি ধর্ষণ কৰে৷ এই কু–কার্য সংঘটিত কৰিয়েই বাবুল ভূঞাই পলায়ন কৰে৷ ইয়াৰ লগে লগে মহিলা আৰক্ষীগৰাকীয়ে শীর্ষ বিষয়াক ঘটনা সম্পর্কত অৱগত কৰে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে দেওবাৰে সন্ধিয়া দৈনিক হিচাপৰ সময়ত ভুক্তভোগী মহিলা আৰক্ষীগৰাকীয়ে শতাধিক প্রশিক্ষার্থীৰ সন্মুখতে যন্ত্রণাত কাতৰ হৈ ঢ়লি পৰাৰ পাছতে সমগ্র ঘটনাটো পোহৰলৈ আহে৷ ধর্ষণৰ এই ঘটনা প্রশিক্ষণ শিবিৰৰ আন আন উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ হোৱাত নিশাই দেৰগাঁও আৰক্ষীয়ে বাবুল ভূঞা নামৰ আৰক্ষীজনক গ্রেপ্তাৰ কৰে৷ ইতিমধ্যে ভুক্তভোগী মহিলা আৰক্ষীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত দেৰগাঁও আৰক্ষীয়ে ২৩/২০২৩ নম্বৰত ৩৭৬/২০১/৫০৬ আই পি চি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে মাৰাথন জেৰাৰ অন্তত বাবুল ভূঞাক কাৰাগাৰলৈ প্রেৰণ কৰে৷ উল্লেখ্য যে দেৰগাঁও আৰক্ষী প্রশিক্ষণ শিবিৰত সংঘটিত ধর্ষণৰ এই ঘটনাই ৰাজ্যজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰক্ষকেই ভক্ষক হোৱা এই ঘটনাই এতিয়া ৰাজ্যত সাধাৰণ মহিলাৰ নিৰাপত্তা সন্দর্ভতো প্রশ্ণ উত্থাপন কৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!