25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

দুবছৰ পিছতহে খেললৈ উভতিব ঋষভ পণ্ট!

Assamese Newsদুবছৰ পিছতহে খেললৈ উভতিব ঋষভ পণ্ট!

ঋষভ পণ্টৰ ভয়ংকৰ দুর্ঘটনাৰ পিছত পাৰ হৈছে প্রায় আঢ়ৈ মাহ৷ একাধিকবাৰ অস্ত্রোপচাৰো হৈছে ক্রিকেটাৰগৰাকীৰ৷ এনে পৰিস্থিতিত দিল্লী কেপিটেলছৰ মেণ্টৰ সৌৰভ গাংগুলীয়ে কয় যে সম্পূর্ণ সুস্থ হৈ খেলপথাৰলৈ প্রত্যাৱর্তনৰ বাবে পণ্টক দুবছৰৰ প্রয়োজন হ’ব পাৰে৷ সৌৰভে কয়– ‘ঋষভৰ সৈতে একাধিকবাৰ কথা পাতিছোঁ৷ এক কঠিন সময়ৰ মাজেৰে আগবাঢ়িছে তেওঁ৷ পুনৰ দেশৰ হৈ খেলাৰ বাবে আৰু এবছৰ অথবা দুবছৰো সময়ৰ প্রয়োজন হ’ব পাৰে৷’ ইপিনে, পণ্ট নথকাত দিল্লীৰ নেতৃত্ব প্রদান কৰা হৈছে অভিজ্ঞ বেটাৰ ডেভিড ৱার্নাৰক৷ কলকাতাত চলি থকা প্রস্তুতি শিবিৰত পৃথ্বি শ্ব’, ঈশান্ত শর্মা, চেতন ছাকাৰিয়াকে ধৰি কেইবাগৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে৷ অৱশ্যে অধিকাংশ খেলুৱৈ শিবিৰত অনুপস্থিত থাকে৷ এই প্রসংগত গাংগুলীয়ে কয়– ‘এতিয়া সকলো ক্রিকেটাৰক একেলগে পোৱা যথেষ্ট কঠিন৷ এই মুহূর্তত দিল্লীৰ চাৰি–পাঁচজন ক্রিকেটাৰ ইৰানী ট্রফীত ব্যস্ত৷ আনহাতে, চৰফৰাজৰ হাতত আঘাতৰ সমস্যা আছে৷ অৱশ্যে আই পি এলৰ আগতে তেওঁ সুস্থ হৈ উঠিব৷’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!