ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুত সতৰ্কতা জাৰি !

ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুত সতৰ্কতা জাৰি !

ধাৰাসাৰ বৰষুণৰ পিছত তামিলনাডুৰ কিছু অংশত বানপানীৰ সতৰ্কতা জাৰি । ৰাতিটোৰ ভিতৰতে চেন্নাই আৰু ইয়াৰ উপনগৰীয় অঞ্চলত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত চাৰিওফালে পানী জমা হৈ পৰে। বৰ্তমানলৈও এই বৃষ্টিপাত হৈ আছে। দেওবাৰে উৰ্ধতম কৰ্তৃপক্ষই প্ৰাথমিক বানপানীৰ সতৰ্কতা জাৰি কৰে। চেম্বাৰামবাক্কাম আৰু পুঝাল জলাশয়, যি চেন্নাই চহৰলৈ খোৱা পানীৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে কাম কৰে, অতিৰিক্ত বৰষুণৰ পানী এৰি দিবলৈ মুকলি কৰা হ’ব বুলি কৰ্তৃপক্ষই ঘোষণা কৰে।

প্ৰাথমিক বানপানীৰ সতৰ্কতা বজাই, ৰাজ্যৰ জল সম্পদ কৰ্তৃপক্ষই কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰৰ জিলা অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰ কৰিবলৈ আৰু তেওঁলোকক সুৰক্ষিত স্থানত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

উল্লেখ্যযে, শনিবাৰে পুৱাৰ পৰা, চেন্নাই আৰু কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰ জিলাৰ কেইবাটাও অংশত মাজে মাজে বৰষুণ হৈছিল আৰু নিশাৰ পৰা বৰষুণ অবিৰাম হৈ পৰে যাৰ ফলত বহুতো অঞ্চলত প্লাৱিত হৈ পৰে।

GTM Desk