দীপাৱলীত ভুলতো এই দিশৰ পৰা চাকি নজ্বলাব! অভাৱ–অনাটনে আগুৰি ধৰি সংসাৰত

দীপাৱলীত ভুলতো এই দিশৰ পৰা চাকি নজ্বলাব! অভাৱ–অনাটনে আগুৰি ধৰি সংসাৰত

কেলেণ্ডাৰ অনুসৰি, প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যা তিথিত দীপাৱলী পালন কৰা হয়। দীপাৱলী হ’ল পোহৰৰ উৎসৱ। বিজয়া দশমীৰ ২০ দিন পিছত পালন কৰা হয় দীপাৱলী উৎসৱ।

দীপাৱলী উপলক্ষে, দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ গপূজা কৰা হয়। এই দিনটোতে সকলোৱে চাকি জ্বলাই, উদ্ভাসিত হৈ পৰে চৌদিশ। কিন্তু বন্তি জ্বলোৱাৰ সৈতে সম্পৰ্কিত বহু নিয়ম আছে, যিবোৰ মনত ৰখাটো প্ৰয়োজন।

বন্তি জ্বলোৱা উত্তৰ–পূব দিশৰ পৰা আৰম্ভ কৰাটো শুভ। উত্তৰ–পূব দিশে মুখ কৰি বন্তি ৰাখিব পাৰে। দীপাৱলীৰ দিনা ঘৰৰ মন্দিৰত দেৱী লক্ষ্মীৰ সন্মুখত প্ৰথমে এগচি বন্তি জ্বলোৱাটো শুভ বুলি কোৱা হয়। সেয়া নকৰিলে দেৱী লক্ষ্মী ক্ষুব্ধ হ’ব পাৰে।

তুলসী গছৰ তলত বন্তি জ্বলোৱাটো শুভ। ইয়াৰ ফলত ঘৰৰ সুখ–সমৃদ্ধি আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষণ হয়।

পাকঘৰৰ ভিতৰতো এগচি বন্তি ৰাখিব লাগে। ইয়াৰ ফলত মা অন্নপূৰ্ণাৰ আশীৰ্বাদ পোৱা যায়। দক্ষিণ–পূব কোণত এগচি বন্তি ৰাখিব পাৰে।

দীপাৱলীত ঘৰৰ মমবাতি আৰু বৈদ্যুতিক বাতি জ্বলায় বহুতে। কিন্তু তেল বা ঘিৰে বন্তি জ্বলোৱাটো শুভ।

মহালক্ষ্মী–কুবেৰক সন্তুষ্ট কৰাৰ বাবে ঘৰত টকা থোৱা স্থানত বন্তি জ্বলাব পাৰে। ইয়াৰ পলত ঘৰত সুখ আৰু সমৃদ্ধি বৰ্তি থাকে।

GTM Desk