ভগৱান শ্রী হৰিয়ে দেৱী লক্ষ্মীক কিদৰে পাইছিল ?

ভগৱান শ্রী হৰিয়ে দেৱী লক্ষ্মীক কিদৰে পাইছিল ?

পুৰাণত উল্লেখ থকা অনুসৰি সমুদ্ৰ মন্থন কৰোতে লক্ষ্মী দেৱীৰ উৎপত্তি হৈছিল। আৰু এক কথা অনুসাৰি লক্ষ্মী দেৱী ভৃগু মুনিৰ কন্যা আছিল।পৌৰাণিক কথা অনুসাৰিলক্ষ্মী দেৱীৰ বিবাহৰ বাবে সয়ম্বৰ’ৰ আয়োজন কৰা হল। কোৱা হয় লক্ষ্মী দেৱীয়ে মনতে শ্ৰী বিষ্ণুক স্বামী ৰূপে বৰণ কৰিছিল।কিন্তু নাৰদ মুনিয়েও লক্ষ্মী দেৱীক বিয়া কৰাবলৈ বিচাৰিছিল। নাৰদে ভাৱিলে এই ৰাজকন্যাই নাৰদক হৰি ৰূপত দেখিলেহে তেওঁক বৰণ কৰিব। তেতিয়া নাৰদে শ্ৰী হৰিৰ ওচৰলৈ গল আৰু শ্ৰী হৰিৰ দৰে তেওঁৰ সমান সুন্দৰ ৰূপ বিচাৰিলে।

শ্ৰী হৰিয়ে নাৰদৰ ইচ্ছা অনুসাৰি তেওঁক হৰি ৰূপ দিলে।হৰি ৰূপ পায় নাৰদ মুনিয়ে দেৱী লক্ষ্মীৰ সয়ম্বৰ’ পালেগৈ। নাৰদ মুনিৰ বিশ্বাস আছিল যে ৰাজকুমাৰীয়ে বৰমালা নাৰদকে পিন্ধাব,কিন্তু এনে নহল। ৰাজকন্যাই নাৰদক এৰি ভগৱান বিষ্ণুক বৰমালা পিন্ধালে।তেতিয়া নাৰদে তাৰপৰা দুখমনেৰে আহি থাকোতে বাটতে তেওঁ এক জলাসয়ত নিজৰে মুখ খন দেখিলে।তেতিয়া নিজৰে মুখ খন দেখি নাৰদ অবাক হৈ ৰল। কাৰণ তেওঁৰ মুখ খন বানৰৰ দৰে লাগিছিল। তেতিয়া নাৰদে ভাবিবলৈ ধৰিলে এনেকুৱা কেনেকৈ হল। তেতিয়া তেওঁৰ মনত পৰিল, হৰি অৰ্থ বিষ্ণু আনটো বান্দৰ।সেইবাবে নাৰায়ণে তেওঁক বানৰৰ ৰূপ দিলে।নাৰদে বুজিলে ভগৱান বিষ্ণুৱে তেওঁৰ লগত চলনা কৰিলে। সকলো বুজাৰ পাছত নাৰদৰ ভগৱান বিষ্ণুৰ ওপৰত বহুত খং উঠিল।

সেইবাবে নাৰদ মুনি তক্ষনাৎ বৈকুণ্ঠপুৰী পালেগৈ। আৰু খংতে ভগৱান বিষ্ণুক সাপ দিলে যে,আপুনি মনুষ্য ৰূপত জন্ম লৈ পৃথিৱীলৈ যাব লাগিব। যি দৰে মই স্ত্রী দুখ সহিব লগা হৈছে ঠিক তেনেদৰে আপুনিও একেই সহিব লাগিব। সেইবাবে ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীয়ে ভগৱান ৰাম আৰু সীতা ৰূপে জন্ম লৈ ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মীৰ বিয়োগ সহিব লগা হৈছিল।।

GTM Desk

Related