Residents,students,AAMSU protest against Drugs-Alcohol Abuse.

Residents,students,AAMSU protest against Drugs-Alcohol Abuse.

জুৰীয়াত মদ,জুৱা,ড্ৰাগছৰ অবাধ প্ৰচলন বন্ধৰ বাবে আমছুৰ, ৰাইজ,ছাত্ৰ ছত্ৰীৰ প্ৰতিবাদ ৷ আৰক্ষীৰ ৰহস্যজনক নীৰৱ ভুমিকাত ক্ষুব্ধ ৰাইজ ৷

জুৰীয়াত আমছু, ৰাইজ,ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ ৷ জুৰীয়াৰ বালুকটিয়াত চলিথকা ড্ৰাগছ, মদ,জুৱাৰ অবাধ প্ৰচলন বন্ধৰ বাবে দেওবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ আৰক্ষীয়ে অঞ্চলটোত চলি থকা অসামাজিক কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত ৰহস্যজনক ভাবে নীৰৱ ভুমিকা গ্ৰহন কৰি অহাৰ পূৰ্ন সুযোগ গ্ৰহন কৰি ড্ৰাগছ ব্যৱসায়ীয়ে বালুকটিয়াত চলাই আছে নিষিদ্ধ ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় ৷ কেৱল ড্ৰাগছেই নহয় একাংশ দুষ্ট প্ৰকৃতিৰলোকে অঞ্চলটোত জুৱা, ভাং,মদৰ অবাধ বেহা চলাই পৰিবেশ কলুষিত কৰি তুলিছে ৷নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এনেবোৰ অপকাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ স্হানীয় ছাত্ৰ সংঘঠনৰ লগতে অঞ্চলটোৰ ৰাইজে একাধিকবাৰ আৰক্ষীক অৱগত কৰি অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাত ক্ষুব্ধহৈ এই দৰে ওলাই অহা ছাত্ৰ ছাত্ৰী আৰু ৰাইজে অৱস্হাত ধৰ্মঘট কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে অনাগত দিনত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন নকৰিলে তীব্ৰ আন্দোনৰ হুংকাৰ প্ৰদান কৰে

জুৰীয়াৰ পৰা পদুম ভূঞা ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.