টীয়কত গড়ৰ আতংক ।

টীয়কত গড়ৰ আতংক ।

টীয়কৰ প্ৰতিবেদক ৩০ ডিচেম্বৰ/২২

বাঘৰ পাছত এইবাৰ গড়ৰ আতংকই টীয়কবাসীক শংকিত কৰি তুলিছে। আজি পুৱা টীয়কৰ ঢেকীয়াখোৱাৰ তিনিকুৰীয়া পথাৰত দুটা প্ৰাপ্ত বয়ষ্ক গড়ৰ মুক্ত বিচৰণে সকলোকে আতংকিত কৰি তুলিছে।গড় দুটা কাজিৰঙা অভৰাণ্যৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে। যোৰহাট বনবিভাগৰ লোক উপস্থিত হৈ গড় কেইটা পুনৰ কাজিৰঙা লৈ উভতাই পথাৱ চেষ্টা কৰিছে যদিও সফল হোৱা নাই । ইপিনে ইতিমধ্য এটা গড় ঢেকীয়াখোৱা পথাৰত বিচৰণ কৰিছে আনটো তিনিকুৰীয়া হাবিত সোমোৱাৰ আছে।স্থানীয় ৰাইজে গড়টো খেদি নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।ইপিনে গড় দুটাই দুটাকৈ এডালত থকা গৰুক আঘাত কৰিছে বুলি জানিব পৰা গৈছে।

Shahnawaz Hamza

Related