Rockybul speaks on Badaruddin Ajmal’s yesterdays behaviour

1 min read

বদৰুদ্দিন আজমলক নীলা শিয়াল আখ্যা ৰকিবুল হুছেইনৰ । সাংবাদিকক অভব্য আচৰণৰ ঘটনাক তীব্ৰ নিন্দা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ । বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত কৰা অভব্য আচৰণক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহণা প্ৰদান কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । বৃহস্পতিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত বদৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰকিবুল হুছেইন । বদৰুদ্দিন আজমলক নীলা শিয়াল আখ্যা দি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ এজন কুৰুচি সম্পন্ন ব্যক্তি । নীলা শিয়ালৰ দৰে তেওঁৰ এতিয়া চৰিত্ৰ ওলাই পৰিছে । তেওঁ বিজেপিৰ এজেণ্ট । বদৰক এতিয়া জীয়াই ৰাখিছে বিজেপিয়ে । বদৰুদ্দিন হতাশগ্ৰস্ত হৈ এইবোৰ কৰিছে । তেওঁৰ এনে আচৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোলৈকে সন্দেহ ওপজাইছে । ইফালে বিজেপি দলকো সমালোচনা কৰি ৰকিবুল হুছেইনে এজনৰ সৈতে আজমল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি অভিহিত কৰে । আদিল শ্বাহ নগাঁও।

You May Also Like

More From Author