fbpx

শিলচৰ কাণ্ডকলৈ প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ । তেওঁ কয় যে, অসমত অসমীয়া ভাষাক অপমান সহ্য কৰা নহ’ব, অসম চৰকাৰে কি দায়িত্ব পালন কৰিব সেয়া লক্ষণীয় হ’ব । বিভিন্ন চক্ৰই বিভিন্ন ধৰণে বিষয়টোক আগুৱাই নিবলৈ চেষ্টা কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্য্যৰ । অসমত অসমীয়া ভাষাৰ মৰ্যাদা অটুট ৰাখিবলৈ অসম চৰকাৰক হাতে-কামে পদক্ষেও গ্ৰহণ কৰি দেখুৱালৈ আহ্বান ।

কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন কাৰ্য্যকৰী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আকৌ এবাৰ বুজাই গ’ল এই ঘটনাই । উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত সুৰক্ষাৰ বাবে সকলো কথা উল্লেখ আছে বুলিও মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা গৰাকীয়ে ।

আনহাতে, অল কায়দাৰ ঘটনা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ ৷ আজিলৈ ভাৰত-বাংলা সীমান্ত ছিল কিয় নহ’ল ? উচ্চতম ন্যায়ালয়ে কেতিয়াবাই অসমত বৰ্হিআগ্ৰাসন হোৱা বুলি কোৱাৰ পিছতো চৰকাৰ কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰে তেওঁ ৷

মৌলবাদীক পুলিয়ে-পোখালিয়ে উভালিব লাগে । অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব । দৰঙৰ উচ্ছেদৰ বিষয় ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী । ৰক্তপাত নোহোৱাকৈ উচ্ছেদ অব্যাহত থাকিব লাগে । এই ক্ষেত্ৰত মৌলবাদী, অল কায়দাই ভাবুকি দিলেই নহ’ব বুলিও হুংকাৰ দিলে ভট্টাচাৰ্য্যই ।

অসমত আজিলৈ মৌলবাদীৰ বিৰুদ্ধে কোনো operation নকৰাক লৈও ক্ষোভ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ । ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা এই সম্বন্ধে মাত দি আহিছে আৰু এইবোৰৰ সমাধানৰ উপায় এটাই- অসম চুক্তি বুলিও মন্তব্য কৰে তেওঁ । অবৈধ বাংলাদেশীৰ ভোট বেংক ৰক্ষা কৰাত ব্যস্ত ৰাজনৈতিক দল সংগঠন । বাতৰি কাকতত বিজ্ঞাপনেৰে বাৰ্তা দি একো লাভ নাই ।

error: Content is protected !!