সাংবাদিক সঞ্জীৱ গোস্বামীৰ মৃত্যু
নগাঁও চহৰৰ ছোটহয়বৰগাঁৱৰ নিবাসী,জি আই টিৰ সঞ্চালক , সাংবাদিক সঞ্জীৱ গোস্বামী (৪৮)ৰ আজি পুৱা গুৱাহাটীত মৃত্যু হয়। জানিব পৰা মতে- গুৱাহাটীৰ বাসগৃহত আজি পুৱা বহু দেৰিলৈকে শোৱাৰ পৰা নুঠাৰ বাবে তেওঁৰ পত্নীয়ে মাত দিয়াত কোনো সঁহাৰি নোপোৱাত ততাতৈয়াকৈ সঞ্জীৱ গোস্বামীক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰে। উচ্চ ৰক্তচাপ জনিত কাৰণত মৃত্যু ঘটা বুলি চিকিৎসকে প্ৰকাশ কৰিছে ।