22 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

প্ৰেমত ব্যৰ্থ হৈ যুৱতীক ছুৰিকাঘাতঃ সৰুপেটাৰ কদমতলাত অঘটন

Assamese Newsপ্ৰেমত ব্যৰ্থ হৈ যুৱতীক ছুৰিকাঘাতঃ সৰুপেটাৰ কদমতলাত অঘটন

আজি আবেলি প্ৰায় ৩-৩০ মান বজাত সৰুপেটাৰ সমীপৰ কদমতলাত মানস টুৰিষ্ট হাইৱেত হোৱা এক নৃশংস চুৰিকাঘাতৰ ঘটনাত এগৰাকী যুৱতী গুৰুতৰ‌ ৰূপে আহত হয়।যুৱতী গৰাকীয়ে বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত জীৱন-মৃত্যুৰে সৈতে যুঁজি থকাৰ বাতৰি পোৱা গৈছে। গুৰুতৰভাৱে আহত যুৱতীগৰাকী সাউদৰ ভিঠা গাৱৰ মমতা বসুমতাৰী (১৯) বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খৱৰ মতে, সাউদৰভিঠা গাঁৱৰ মমতা বসুমতাৰী নামৰ যুৱতীগৰাকীয়ে আবেলি সৰুপেটাৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰত অইন দিনৰ দৰে আজিও লগৰীয়াৰ সৈতে চাইকেলেৰে আহি আছিল । কিন্তু যুৱতী গৰাকীয়ে সৰুপেটাৰ সমীপৰ কদমতলা নামৰ ঠাই খন পোৱাৰ সময়তে স্কুতিৰে আহি থকা দুই যুৱকে যুৱতী গৰাকীক আগচি ধৰি কিবা কথাত তৰ্কা তৰ্কি লাগে আৰু এটা সময়ত যুৱকগৰাকীয়ে লগত লৈ অহা এখন চুৰিৰে যুৱতী গৰাকীৰ গলত ছুৰিকাঘাত কৰাৰ লগতে পেটতো দুই হান মাৰে বুলি জানিব পৰা গৈছে । প্ৰত্যক্ষদৰ্শী ৰাইজৰ পৰা জানিব পৰা মতে দ্বিতীয়বাৰ পেটত ছুৰীৰে হান দি উলিয়াই আনিব খোজাত ছুৰীৰ নালডাল ওলাই আহে যদিও ছুৰীখন যুৱতীগৰাকীৰ পেটতে ৰৈ যায় । উক্ত ঘটনাত অঞ্চলটোত লগে লগে হুৱা দুৱা লাগি পৰে আৰু স্থানীয় লোক সকল ঘটনা স্থলীলৈ আহি গুৰুতৰভাৱে আহত যুৱতী গৰাকীক ৰাষ্টাৰে গৈ থকা এখন ভেনত উঠাই সৰুপেটা আৰক্ষী চকীলৈ পঠাই দিয়ে । উল্লেখ্য যে গুৰুতৰ ভাৱে আহত যুৱতী গৰাকীক কিন্তু হত্যাৰ অপচেষ্টা কৰা যুৱকজনেই কোলাত শুৱাই ভেন খনত লৈ অহা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে লগে লগে লগে যুৱকজনক আটক কৰাৰ লগতে গুৰুতৰ ভাৱে আহত যুৱতী গৰাকীক প্ৰথমে ভৱানীপুৰ চিকিৎসালয়ত লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । বৰ্তমান যুৱতী গৰাকীয়ে হস্পিতালত অতি সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজিছে আছে বুলি জানিব পৰা গৈছে । ইফালে হত্যাৰ চেষ্টা চলোৱা আটকাধীন যুৱকজন চিৰাং জিলাৰ ঢালিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত উজনীগাঁৱৰ নিতুৰাজ ব্ৰহ্ম (২২) বুলি জানিব পৰা গৈছে । লগতে যুৱকজনৰ সতীৰ্থ তথা শালবাৰীৰ অক্সিগুৰি গাঁৱৰ দৌহাউ বড়ো নামৰ এজন যুৱককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । হত্যাৰ চেষ্টা চলোৱা যুৱক গৰাকীৰ পৰা জানিব পৰা মতে , প্ৰেমত ব্যৰ্থ হোৱাৰ বাবেই তেওঁ যুৱতী গৰাকীক চুৰিকাঘাত কৰিছিল । যুৱক গৰাকীয়ে জানিব দিয়া অনুসৰি, যুৱকজনে শালবাৰীৰ অস্কিগুৰি গাঁওৰ মামাকৰ ঘৰত থাকি শালবাৰী কলেজত পঢ়া শুনা কৰা সময়তে উক্ত যুৱতী গৰাকীৰ লগত চিনাকি হৈ পিছত প্ৰেম হৈছিল । ২০২০ চনৰ পৰা প্ৰেমৰ সম্পৰ্ক কৰি অহাৰ সময়তে আজি কিছুদিনৰ পৰা যুৱতী গৰাকীয়ে যুৱক গৰাকীৰ লগত সম্পৰ্ক এৰাই চলি আহিছিল । যুৱক গৰাকীয়ে ছোৱালীজনীক ইয়াৰ কাৰণ জানিব বিছৰাত তাই আজিকালি বেলেগ লৰা এজনক ভাল পায় বুলি জানিব দিয়াত যুৱক গৰাকী ক্ষুব্ধ হৈ পৰি আজি পুৱাৰ ভাগত ৪০ টকাৰে শালবাৰী বজাৰৰ পৰা কিনি আনি এজন বন্ধুক লগত লৈ স্কুতিৰে আহি যুৱতী গৰাকীক সৰুপেটালৈ আহি থকা অৱস্থাত বাট আগচি ধৰি উক্ত শিহৰণকাৰী ঘটনাটো সংঘটিত কৰে । বৰ্তমান সৰুপেটা আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন যুৱক দুজনক সোধা পোছা কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: