ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা

ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা

আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ক ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা খবৰকলৈ বজালীত আনন্দ কঢ়িয়াই আনিছে ৷

বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে এই বঁটা ঘোষণাৰ খবৰ পোৱাৰ লগে লগে যথেষ্ট উৎসাহী হৈ পৰে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আজি অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়ো অসম সৌৰভ বটাঁত মোৰ নামটো দেখি বহুত ভাল লাগিল৷ মই নিজকে লৈ কিছু হ’লেও গৌৰৱ অনুভৱ কৰিছো ৷”

সাংবাদিকৰ সৈতে মত বিনিময় কৰি নাট্যযোদ্ধা কৃষ্ণ ৰয়ে পুনৰায় কয়, “সুদীৰ্ঘকাল মই ভ্ৰম্যমাণ থিয়েটাৰ আৱাহনৰ যোগেৰে অসম বিভিন্ন প্ৰান্তত ৰাইজৰ পৰা আদৰ আৰু মৰম লাভ কৰিছো ৷

এতিয়া মোৰ বয়স হৈছে, সেইবাবেই আৱাহন থিয়েটাৰ চলাই নিবলৈ বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক দায়িত্ব প্ৰদান কৰা হৈছে যদিও মাজে সময়ে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছো ৷

আৱাহন থিয়েটাৰৰ পূৰ্বে মঞ্চৰত্ন ৰতন লহকৰৰ সৈতে কহিনুৰ থিয়েটাৰৰ প্ৰযোজনা কৰা কৃষ্ণ ৰয়ে এই চেগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সকলো কেবিনেট মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বজালী আৰু অসমবাসী ৰাইজক তেওঁ লাভ কৰি অহা মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

অসম সৌৰভ বটাঁৰে সন্মানিত কৃষ্ণ ৰয়ক আজি বজালীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰে ৷

GTM Desk

Related