একাদশত ৮০ হাজাৰ–স্নাতকত ৪০ হাজাৰ আসন নাটনিৰ আশংকা

0 min read

নামভর্তিক লৈ হাৰাশাস্তিৰ সন্মুখীন হ’ব নেকি শিক্ষার্থী?

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা হৈছে৷ যাৰ ফলত ৰাজ্যত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তীর্ণৰ হাৰ বিগত বর্ষসমূহৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷ সেয়েহে আগন্তুক শিক্ষাবর্ষত একাদশ আৰু স্নাতক শাখাত নামভর্তিৰ ক্ষেত্রত শিক্ষার্থীসকলৰ মাজত আসনক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

এইক্ষেত্রত একাদশ শ্রেণীত ৮০ হাজাৰ আসন আৰু স্নাতক পাঠ্যক্রমত এইবাৰ ৪০ হাজাৰ আসনৰ নাটনি হোৱাৰ আশংকা প্রকাশ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ শেহতীয়াকৈ নামভর্তিৰ বিষয়ে আলোচনাৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত আসনৰ নাটনিৰ এই পৰিসংখ্যা প্রকাশ কৰিছে উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকে৷

বৈঠকত সঞ্চালকদ্বয়ে প্রকাশ কৰা অনুসৰি এইবাৰ মেট্রিকত ৩,৯৭,১২১গৰাকী শিক্ষার্থী উত্তীর্ণ হৈছে৷ বিগত বর্ষৰ উত্তীর্ণৰ হাৰ ৬৪.৮০ শতাংশৰ তুলনাত এইবাৰ উত্তীর্ণৰ হাৰ ৯৩.১৮ শতাংশলৈ বৃদ্ধি পাইছে৷ সেইদৰে বৈঠকখনত প্রকাশ কৰা অনুসৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত ২.৬০ লাখ শিক্ষার্থী উত্তীর্ণ হৈছে৷ যাৰ বাবে একাদশ শ্রেণীত ৮০ হাজাৰ আসন আৰু স্নাতক পাঠ্যক্রমত ৪০ হাজাৰ আসনৰ নাটনি হ’ব বুলি আশংকা প্রকাশ কৰিছে উচ্চতৰ শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ সঞ্চালকে৷

এই বৈঠকখনত বিভিন্ন দিশ আলোচনা কৰাৰ অন্তত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেই অনুসৰি ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক শ্রেণীত সকলো মহাবিদ্যালয়ক ২০ শতাংশ আসন বৃদ্ধি কৰিবলৈ নির্দেশ দিছে৷ আসন বৃদ্ধিৰ লগতে মহাবিদ্যালয়সমূহে দুটা শাখাত ক্রমে দিবা আৰু নৈশ শাখাত শিক্ষার্থীৰ নামভর্তি কৰি আসনৰ ক্ষেত্রত সৃষ্টি হ’ব পৰা নাটনি দূৰ কৰিবলৈ নির্দেশনা দিছে৷ একেদৰে সকলো চৰকাৰী আৰু প্রাদেশীকৃত মহাবিদ্যালয়ত স্নাতক পাঠ্যক্রমত ৭৫ শতাংশ আসন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উত্তীর্ণ হোৱা শিক্ষার্থীৰ বাবে সংৰক্ষিত কৰি ৰাখিবলৈও নির্দেশ প্রদান কৰা হৈছে৷

উল্লেখ্য যে ক’ভিডৰ বাবে মেট্রিকৰ লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰা হৈছিল৷ পৰৱর্তী সময়ত চৰকাৰে দুয়োটা পৰীক্ষাৰ ফলাফল বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰিছিল৷

You May Also Like

More From Author