14 দিনৰ বাবে ন্যায়িক জিম্মালৈ শ্বেৰমান আলী

1 min read

শ্বেৰমান আলি আহমেদক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ জানিব পৰা মতে গীতানগৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল শ্বেৰমান আলিক ৷ এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰিলে আদালতে ৷

ইযাৰ পূৰ্বে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক 2 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে ৷ পানবজাৰ আৰক্ষীয়ে ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও দুদিনৰ অনুমতি প্ৰদান কৰিছিল CJM আদালতে ।

শ্বেৰমান আলীৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে আদালতে । উল্লেখ্য যে, গৰুখুঁটি ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বহীদক ঘাতক আখ্যা দিছিল শ্বেৰমান আলি আহমেদে ৷ ইয়াৰ পাচতে উত্তাল হৈ পৰিছিল ৰাজ্য ৷

You May Also Like

More From Author