BPF-BJPৰ আকৌ মিত্ৰতা হ’ব নেকি? কি ক’লে কাৰ্যবাহী সদস্য উইলছন হাছদাই

1 min read

বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতাই আনুষ্ঠানিক ৰূপ লোৱা নাই অথচ বিপিএফে দাবী কৰি আছে মিত্ৰতাৰ। ইয়াকে লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ। এই প্ৰসংগত আজি বিটিচি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উইলছন হাছদাই উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কথা।

হাছদাই এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে– ”কোনো মিত্ৰতা হোৱা নাই, ইয়াক লৈ অকণো সন্দেহ কৰিব নালাগে। কিয়নো এফালৰ পৰা অৰ্থাৎ বিপিএফৰ পৰাহে মিত্ৰতাৰ কথা কোৱা হৈছে, কিন্তু বিজেপিৰ ফালৰ পৰা এয়া নস্যাৎ কৰা হৈছে, গতিকে ই উৰাবাতৰি।”

কাৰ্যবাহী সদস্য হাছদাই লগতে কয় যে ইপিপিএল, এজিপি, জিএছপি আৰু বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা জিৰণ বসুমতাৰীক গোসাঁইগাঁওত উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা হৈছে। তেওঁ কয়– ”আজি মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহল আৰু এজিপিৰ ফণীভূষণ চৌধুৰী উপস্থিত আছিল। এই কথাই জলজল পটপটকৈ প্ৰমাণ কৰিছে যে ইউপিপিএলৰ সৈতে বিজেপিৰ মিত্ৰতা অক্ষুণ্ণ আছে আৰু পিছলৈও থাকিব।”

 

উইলছন হাছদাই এইক্ষেত্ৰত কোনো বিভ্ৰান্তিত থাকিব নালাগে বুলি উল্লেখ কৰি ভৱেশ কলিতাই নিজে এইক্ষেত্ৰত স্পষ্টীকৰণ দিয়াৰ লগতে কালি অশোক সিংঘালেও বিপিএফৰ মিত্ৰতাৰ দাবী নুই কৰিছে বুলি কয়।

উল্লেখ্য, আজি উইলছন হাছদাই ২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ষ্টীয়েৰিং সমিতিৰ কাৰ্যালয়ত এখন সভাত উপস্থিত থাকে। তেওঁ সভাত
দলীয় প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ বিজয় সুনিশ্চিত কৰাৰ বাবে কৰ্মীসকলৰ উৎসাহ দেখি আনন্দ প্ৰকাশ কৰে। আনহাতে আজি গোসাঁইগাঁও সমষ্টিত ৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

You May Also Like

More From Author